লাওচৰ বৈদেশিক মন্ত্ৰীৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ
নতুন দিল্লী, ০৩ জুন (হি.স.)। ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে লাওচৰ উপ প্ৰধানমন্ত্ৰী তথা বৈদেশিক মন্ত্ৰী থংছাভান ফমভিহানে। ফমভিহানেক তেওঁৰ প্ৰথম ভাৰত ভ্ৰমণত আদৰণি জনাই ৰাষ্ট্ৰপতিয়ে কয় যে ভাৰত আৰু লাওছৰ মাজত গভীৰ সভ্যতাৰ সম্
राष्ट्रपति से मुलाकात के दौरान लाओस के विदेश मंत्री


নতুন দিল্লী, ০৩ জুন (হি.স.)। ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে লাওচৰ উপ প্ৰধানমন্ত্ৰী তথা বৈদেশিক মন্ত্ৰী থংছাভান ফমভিহানে।

ফমভিহানেক তেওঁৰ প্ৰথম ভাৰত ভ্ৰমণত আদৰণি জনাই ৰাষ্ট্ৰপতিয়ে কয় যে ভাৰত আৰু লাওছৰ মাজত গভীৰ সভ্যতাৰ সম্পৰ্ক আছে, যিটো আমাৰ বৌদ্ধ ধৰ্ম আৰু ৰামায়ণৰ ভাগ-বতৰা ঐতিহ্যত প্ৰতিফলিত হৈছে। এইবাৰ আমি দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৭০ বছৰীয়া জয়ন্তী উদযাপন কৰিছো, যিটো দ্বিপাক্ষিক সম্পৰ্কৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি।

ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৪ চনৰ অক্টোবৰ মাহত আছিয়ান সন্মিলনত অংশগ্ৰহণৰ বাবে লাওচ পিপলছ ডেম’ক্ৰেটিক ৰিপাব্লিক ভ্ৰমণ কৰিছিল। সেই ভ্ৰমণৰ সময়ত কেইবাখনো চুক্তি স্বাক্ষৰিত হৈছিল, যাৰ ফলত আমাৰ সহযোগিতাৰ এক নতুন গতি লাভ হৈছিল।

ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে যে ভাৰত আৰু লাও পিপলছ ডেম’ক্ৰেটিক ৰিপাব্লিকৰ মাজত দ্বিপাক্ষিক বাণিজ্য বৃদ্ধি পাইছে যদিও বাণিজ্য আৰু বিনিয়োগ দুয়োটা দিশতে অধিক অগ্ৰগতিৰ যথেষ্ট সম্ভাৱনা আছে।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰতে তথ্য আৰু যোগাযোগ প্ৰযুক্তি (আইচিটি), স্বাস্থ্য, চিকিৎসা, কৃষি, জলসিঞ্চন, উৎপাদন, নবীকৰণযোগ্য শক্তি, আৰু শক্তি আদি ক্ষেত্ৰত লাওছৰ সৈতে সহযোগিতা বৃদ্ধি কৰি আনন্দিত হ’ব। উদ্ভাৱন আৰু জ্ঞানভিত্তিক অৰ্থনীতিৰ ক্ষেত্ৰতো আমি আমাৰ অভিজ্ঞতাসমূহ ভাগ-বতৰা কৰিবলৈ আগ্ৰহী।

ৰাষ্ট্ৰপতিগৰাকীয়ে লক্ষ্য কৰি আনন্দিত হয় যে দুয়োখন দেশৰ মাজত উন্নয়নমূলক অংশীদাৰিত্ব আৰু অধিক শক্তিশালী হৈছে, লাও যুৱক-যুৱতীসকলৰ আকাংক্ষা আৰু দেশখনৰ আৰ্থ-সামাজিক উন্নয়নৰ প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি।

দুয়োখন দেশৰ মাজত ঘনিষ্ঠ সহযোগিতাই আমাৰ জনসাধাৰণক বহুখিনি উপকৃত কৰিব পাৰে বুলি দুয়োগৰাকী নেতাই একমত প্ৰকাশ কৰে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande