কৰ্ণাটকৰ ২৫ সংখ্যক মুখ্যমন্ত্ৰী হিচাপে আজি ডি কে শিৱকুমাৰৰ শপত গ্ৰহণ
বেংগালুৰু, ০৩ জুন (হি.স.)। আজি কৰ্ণাটকৰ বাঘজৰী দখল কৰিব কংগ্ৰেছ নেতা ডি কে শিৱকুমাৰে (ডোদ্দালাহল্লী কেম্পেগৌডা শিৱকুমাৰ)। বিয়লি ৪:০৫ বজাত ২৫ সংখ্যক মুখ্যমন্ত্ৰী হিচাপে তেওঁক পদৰ শপত আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰাব ৰাজ্যপাল থাৱাৰচন্দ গেহলটে। বেংগালুৰ
Invitation


Lokbhavan file photo


বেংগালুৰু, ০৩ জুন (হি.স.)। আজি কৰ্ণাটকৰ বাঘজৰী দখল কৰিব কংগ্ৰেছ নেতা ডি কে শিৱকুমাৰে (ডোদ্দালাহল্লী কেম্পেগৌডা শিৱকুমাৰ)। বিয়লি ৪:০৫ বজাত ২৫ সংখ্যক মুখ্যমন্ত্ৰী হিচাপে তেওঁক পদৰ শপত আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰাব ৰাজ্যপাল থাৱাৰচন্দ গেহলটে। বেংগালুৰুৰ লোক ভৱনৰ গ্লাছ হাউচত অনুষ্ঠিত হ’ব এই শপতগ্ৰহণ অনুষ্ঠান।

শপতগ্ৰহণৰ বাবে বিশেষভাৱে সজাই তোলা হৈছে লোকভৱন। ৰাজধানীৰ বিভিন্ন স্থানত ডি কে শিৱকুমাৰৰ লাইফ চাইজৰ কাটাআউট আৰু বেনাৰ স্থাপন কৰা হৈছে । শান্তি, সম্প্ৰীতি, ধৰ্মীয় সম্প্ৰীতিৰ বাৰ্তা প্ৰচাৰৰ বাবে বিভিন্ন ধৰ্মৰ নেতাসকলক আমন্ত্ৰণ জনোৱা হৈছে। এই অনুষ্ঠানত আদিচুঞ্চনাগিৰি মঠ, সিদ্দাগংগা মঠ, সুত্তুৰ মঠ, তাৰালাবালু মঠ, পেজাৱাৰ মঠ, আৰু ৰামভাপুৰী মঠৰ সন্তসকলৰ লগতে জীৱন কলাৰ শ্ৰী শ্ৰী ৰবি শংকৰ উপস্থিত থাকিব। গীৰ্জাৰ আৰ্চবিশ্বপ ড° পিটাৰ মাচাডো আৰু মুছলমান সম্প্ৰদায়ৰ ধৰ্মগুৰুসকলকো আমন্ত্ৰণ জনোৱা হৈছে। এই অনুষ্ঠানত সকলো ধৰ্মৰ মুঠ ৫৫ জনতকৈ অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব।

শপত গ্ৰহণ অনুষ্ঠানত ছোনিয়া গান্ধী, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী ভাদ্ৰা, কংগ্ৰেছৰ সভানেত্ৰী মল্লিকাৰ্জুন খৰ্গে, ৰণদীপ সিং সুৰজেৱালা, কে চি ভেনুগোপালকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ নেতাই অংশগ্ৰহণ কৰিব। কংগ্ৰেছ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলো উপস্থিত থকাৰ সম্ভাৱনা আছে। চলচ্চিত্ৰ, উদ্যোগ, ক্ৰীড়া, আৰু অন্যান্য ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলৰ বাবে প্ৰায় ১১০০ আসনৰ ব্যৱস্থা কৰা হৈছে। অতিথি প্ৰৱেশৰ বাবে তিনিটা স্তৰৰ বিশেষ পাছ ব্যৱস্থা ৰূপায়ণ কৰা হৈছে।

নিৰাপত্তাৰ ব্যৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি বসন্তনগৰৰ শ্বাংগ্ৰী-লা হোটেল আৰু কেপিচিচিৰ কাৰ্যালয়ৰ চাৰিওফালে এক কিলোমিটাৰ ব্যাসাৰ্ধক ‘ন’ ফ্লাই জ’ন’ হিচাপে ঘোষণা কৰা হৈছে। মসৃণ যাতায়ত আৰু নিৰাপত্তা ব্যৱস্থাপনা নিশ্চিত কৰিবলৈ বিধান সৌধা, বিকাশ সৌধা, আৰু এম এছ বিল্ডিঙৰ কৰ্মচাৰীসকলৰ বাবে অৰ্ধ ছুটী ঘোষণা কৰা হৈছে।

--------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande