জুৰীয়াত ভয়ঙ্কৰ পথ দুৰ্ঘটনা, নিহত এক
নগাঁও, ০৩ জুন (হি.স.)। জুৰীয়াত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এই দুৰ্ঘটনাত থিতাতে নিহত হয় এজন লোক। জুৰীয়াৰ চটিয়ান গাৱত আজি পুৱা এই দুৰ্ঘটনাটো সংঘটিত হয়। এখন তীব্ৰবেগী মটৰ চাইকেলে নিয়ন্ত্ৰণ হেৰুৱাই বিদ্যুতৰ খুটাত খুন্দা মৰাৰ ফলত এই দুৰ্ঘট
জুৰীয়াত ভয়ঙ্কৰ পথ দুৰ্ঘটনা, নিহত এক


নগাঁও, ০৩ জুন (হি.স.)। জুৰীয়াত এক ভয়ংকৰ পথ দুৰ্ঘটনা

সংঘটিত হৈছে। এই দুৰ্ঘটনাত থিতাতে নিহত হয় এজন

লোক। জুৰীয়াৰ চটিয়ান গাৱত আজি পুৱা এই দুৰ্ঘটনাটো সংঘটিত হয়। এখন তীব্ৰবেগী মটৰ চাইকেলে নিয়ন্ত্ৰণ হেৰুৱাই বিদ্যুতৰ খুটাত খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়।

এই মটৰ চাইকেল দুৰ্ঘটনাত এজন যুৱক থিতাতে নিহত হয়। নিহত যুৱক জন তিনিচুকীয়া গাঁৱৰ ছৰাফত আলী বুলি চিনাক্ত কৰা হৈছে। জুকাটি বজাৰৰ পৰা তীব্ৰ বেগী মটৰ চাইকেলেৰে নগাঁও অভিমুখে গৈ থকা অৱস্থাত অনিয়ন্ত্ৰিত হৈ বিদ্যুতৰ খুটাত খুন্দা মৰাৰ ফলতেই দুৰ্ঘটনাটো সংঘটিত হয়।

ইফালে ঘটনাৰ খবৰ লাভ কৰি জুৰীয়া আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ নিহত যুৱকজনৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে পৰৱৰ্তী তদন্ত আৰম্ভ কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande