
নতুন দিল্লী, ০৩ জুন (হি.স.)। ভাৰত আৰু আমেৰিকাৰ মাজত আমেৰিকাৰ বাণিজ্য আইনৰ ৩০১ নং ধাৰা তদন্ত আৰু অন্তৱৰ্তীকালীন বাণিজ্য চুক্তিৰ সন্দৰ্ভত ইয়াত অনুষ্ঠিত হৈ থকা এখন উচ্চ পৰ্যায়ৰ বৈঠকত বাণিজ্য মন্ত্ৰালয়ে সম্ভাৱ্য অতিৰিক্ত শুল্ক ৰোধ কৰি প্ৰতিযোগী দেশসমূহৰ তুলনাত অগ্ৰাধিকাৰ বজাৰত প্ৰৱেশ লাভ কৰিব বিচাৰিছে।
বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে বুধবাৰে প্ৰকাশ কৰা এক বিবৃতিত কয় যে ভাৰতে বন্ধক শ্ৰমিকৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত চলি থকা ৩০১ নং ধাৰা প্ৰক্ৰিয়া সন্দৰ্ভত আমেৰিকাৰ সৈতে আলোচনাত মিলিত হৈছে, আনহাতে দুয়োখন দেশে প্ৰস্তাৱিত দ্বিপাক্ষিক অন্তৱৰ্তীকালীন বাণিজ্য চুক্তিৰ ওপৰতো আলোচনা অব্যাহত ৰাখিছে।
ভাৰতকে ধৰি ৫৪খন অৰ্থনীতিৰ পৰা আমদানিৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰাৰ প্ৰস্তাৱ আমেৰিকাৰ বাণিজ্য প্ৰতিনিধিৰ কাৰ্যালয়ে এই দেশসমূহে বন্ধক শ্ৰম ব্যৱহাৰ কৰি তৈয়াৰ কৰা সামগ্ৰীৰ ওপৰত নিষেধাজ্ঞা কাৰ্যকৰী আৰু ফলপ্ৰসূভাৱে বলবৎ কৰিছে নে নাই সেই বিষয়ে পৰীক্ষাৰ অংশ হিচাপে মন্ত্ৰালয়ৰ এই বিবৃতি প্ৰকাশ কৰিছে।
আমেৰিকাৰ বাণিজ্য প্ৰতিনিধিৰ কাৰ্যালয়ে (ইউএছচিআৰ) ২০২৬ চনৰ ১১-১২ মাৰ্চত বন্ধক শ্ৰম আৰু অতিৰিক্ত ঔদ্যোগিক ক্ষমতাৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত প্ৰায় ৬০খন দেশৰ বিৰুদ্ধে ধাৰা ৩০১ৰ তদন্ত আৰম্ভ কৰিছিল । ২ জুনত ইউএছটিআৰে বন্ধক শ্ৰমিক সৈতে জড়িত তদন্তৰ তথ্য প্ৰকাশ কৰি এই ৬০খন দেশৰ আমদানিৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰাৰ প্ৰস্তাৱ আগবঢ়ায়।
মন্ত্ৰালয়ৰ মতে, এই প্ৰস্তাৱত কানাডা, ইকুৱেডৰ, ইউৰোপীয় সংঘ, ইণ্ডোনেছিয়া, মেক্সিকো, আৰু পাকিস্তানৰ পৰা আমদানিৰ ওপৰত ১০% শুল্ক আৰু ভাৰত আৰু চীনকে ধৰি আন ৫৪খন অৰ্থনীতিৰ ওপৰত ১২.৫% শুল্ক আৰোপ কৰা হৈছে। পাকিস্তান আৰু ইণ্ডোনেছিয়া ভাৰতৰ বাণিজ্যিক প্ৰতিযোগী দেশ। এই ব্যৱস্থাসমূহ বৰ্তমান প্ৰস্তাৱৰ পৰ্যায়ত আছে আৰু চূড়ান্ত কৰা হোৱা নাই।
বাণিজ্য মন্ত্ৰালয়ে কয় যে, “ধাৰা ৩০১ৰ কাৰ্য্যবিধিৰ সন্দৰ্ভত ভাৰত আমেৰিকাৰ সৈতে যোগাযোগত আছে।” ভাৰতে ২০২৬ চনৰ ২ ফেব্ৰুৱাৰীত ঘোষণা কৰা কাঠামো চুক্তি আৰু ২০২৬ চনৰ ৭ ফেব্ৰুৱাৰীত জাৰি কৰা যৌথ বিবৃতি অনুসৰি আমেৰিকাৰ সৈতে চুক্তি চূড়ান্ত কৰাৰ বাবেও আলোচনা চলাই আছে। বস্ত্ৰ আৰু পোছাক সামগ্ৰীৰ বাবে এক বিশেষ ব্যৱস্থা প্ৰস্তাৱ কৰা হৈছে, যাৰ অধীনত নিৰ্বাচিত দেশৰ পৰা নিৰ্দিষ্ট পৰিমাণৰ আমদানি হ্ৰাস কৰা শুল্ক হাৰত আমেৰিকাত প্ৰৱেশ কৰিবলৈ দিয়া হ’ব পাৰে।
বাণিজ্য মন্ত্ৰালয়ে কয়, ৰিপৰ্ট অনুসৰি প্ৰস্তাৱিত শুল্ক এতিয়াও চূড়ান্ত হোৱা নাই, আৰু অংশীদাৰসকলে ২০২৬ চনৰ ২২ জুন তাৰিখৰ ভিতৰত ৰাজহুৱা শুনানিত অংশগ্ৰহণ কৰিবলৈ আবেদন কৰিব পাৰিব। ২০২৬ চনৰ ৬ জুলাইৰ ভিতৰত লিখিত মন্তব্য দাখিল কৰিব পাৰিব। ২০২৬ চনৰ ৭ জুলাইত অনুষ্ঠিত হ’ব এই ৰাজহুৱা শুনানি। প্ৰস্তাৱিত ব্যৱস্থাসমূহৰ ওপৰত চূড়ান্ত সিদ্ধান্ত লোৱাৰ পূৰ্বে ইউএছটিআৰে লাভ কৰা মন্তব্য আৰু দাখিলসমূহ বিবেচনা কৰিব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া