পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি বিলাসীপাৰা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত উত্তপ্ত পৰিস্থিতি
বিলাসীপাৰা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত উত্তপ্ত পৰিস্থিতি।
পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি বিলাসীপাৰা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত উত্তপ্ত পৰিস্থিতি


ধুবুৰী, ০৩ জুন (হি.স.): ধুবুৰী জিলাৰ বিলাসীপাৰা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত যোৱা কালি মঙলবাৰে নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । দুৰ্ঘটনা কেন্দ্ৰ কৰি স্থানীয় ৰাইজে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধত কৰি সাব্যস্ত কৰে প্ৰতিবাদ।

ৰাষ্ট্ৰীয় ঘাইপথত ব'লেৰো বাহন আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত এক দুৰ্ঘটনা সংঘটিত হয় । সংঘৰ্ষৰ ফলত বাইক আৰোহী এজন নিহত হয় । নিহত বাইক আৰোহী জন গৌৰীপুৰৰ পিন্টু ৰায় বুলি জানিব পৰা গৈছে । ব' লেৰো পিকআপ বাহন খনৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ অভিযোগ কৰে প্ৰত্যক্ষদৰ্শীসকলেয়ে ।

দুৰ্ঘটনা সংঘটিত কৰা ব'লেৰো বাহনখনৰ নম্বৰ এএছ ১৭ ই ৮৩৩৯ আৰু বাইক খনৰ নম্বৰ এএছ ১৭ জি ২৩১০ বুলি জানিব পৰা গৈছে । এই দুৰ্ঘটনাৰ পিছতে শ শ যান বাহন আবদ্ধ কৰি কালি নিশা ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে । ঘটনাস্থলীত বিলাসীপাৰা আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande