বিশ্বৰ মূলধনী বজাৰৰ পৰা মিশ্ৰিত সংকেত, এছিয়াত মিশ্ৰিত ব্যৱসায়
নতুন দিল্লী, ০৩ জুন (হি.স.)। বিশ্বৰ মূলধনীজাত বজাৰসমূহে আজি মিশ্ৰিত সংকেত দেখুৱাইছে। পূৰ্বৰ অধিবেশনত লাভৰ সৈতে বন্ধ হৈছিল আমেৰিকাৰ বজাৰ। অৱশ্যে আজি সামান্য হ্ৰাস পোৱাৰ লগে লগে ডাউ জ’নছৰ ফ্যুচাৰৰ ব্যৱসায় সমস্তৰত আছে। ইউৰোপৰ বজাৰসমূহতো পূৰ্বৰ অধিবেশ
प्रतीकात्मक


নতুন দিল্লী, ০৩ জুন (হি.স.)। বিশ্বৰ মূলধনীজাত বজাৰসমূহে আজি মিশ্ৰিত সংকেত দেখুৱাইছে। পূৰ্বৰ অধিবেশনত লাভৰ সৈতে বন্ধ হৈছিল আমেৰিকাৰ বজাৰ। অৱশ্যে আজি সামান্য হ্ৰাস পোৱাৰ লগে লগে ডাউ জ’নছৰ ফ্যুচাৰৰ ব্যৱসায় সমস্তৰত আছে। ইউৰোপৰ বজাৰসমূহতো পূৰ্বৰ অধিবেশনৰ সময়ছোৱাত ক্ৰয় দেখা গৈছিল। এছিয়াৰ বজাৰত আজি মিশ্ৰিত ব্যৱসায় চলি আছে।

পূৰ্বৰ অধিবেশনৰ সময়ছোৱাত আমেৰিকাৰ বজাৰসমূহত তীব্ৰ উঠা-নমা দেখা গৈছিল। এনভিডিয়া, মাৰ্ভেল, টেছলা, এপলৰ ষ্টকত লাভৰ বাবে আমেৰিকাৰ বজাৰসমূহে আৰম্ভণিৰ ব্যৱসায়ত যথেষ্ট লাভ কৰে। কিন্তু ইৰাণৰ সৈতে উত্তেজনা বৃদ্ধি পোৱাৰ খবৰৰ ফলত ৱাল ষ্ট্ৰীটত বিক্ৰী হয়। কিন্তু ব্যৱসায়ৰ অন্তিম ঘণ্টাত বিক্ৰীৰ ফলত ৱাল ষ্ট্ৰীটৰ সূচকাংকত বিশেষ প্ৰভাৱ পৰা নাছিল।

ডাউ জ’নছ ইণ্ডাষ্ট্ৰিয়েল এভাৰেজ ২২৮.৯১ পইণ্ট বা ০.৪৫ শতাংশ বৃদ্ধিৰে ৫১,৩০৭.৭৯ত বন্ধ হয়। একেদৰে এছ এণ্ড পি ৫০০ সূচকাংক ০.১৩ শতাংশ বৃদ্ধি পাই পূৰ্বৰ অধিবেশন ৭,৬০৯.৭৮ পইণ্টত সমাপ্ত হয়। নাছডাকেও ০.০৩ শতাংশ বৃদ্ধি পাই ২৭,০৯৩.৯০ত বন্ধ হয়। ডাউ জ’নছ ইণ্ডাষ্ট্ৰিয়েল এভাৰেজ (ডিজেআইপি)ৰ ফ্যুচাৰ বৰ্তমান ৫১,৩০৪.৫৬ পইণ্টত ব্যৱসায় কৰা হৈছে, যিটো ০.০১ শতাংশ হ্ৰাস পাইছে।

ইউৰোপীয় বজাৰসমূহেও পূৰ্বৰ অধিবেশনৰ সময়ছোৱাত বুলিছ ট্ৰেণ্ড বজাই ৰাখিছিল। এফ টি এছ ই সূচকাংক ০.৩৩ শতাংশ বৃদ্ধি পাই ১০,৩৭৩.৫১ পইণ্টত বন্ধ হয়। চিএচি সূচকাংক ০.৭৬ শতাংশ বৃদ্ধি পাই পূৰ্বৰ অধিবেশন ৮,২০৯.০৯ পইণ্টত সমাপ্ত হয়। ডিএএক্স সূচকাংক ০.৪৮ শতাংশ বৃদ্ধি পাই ২৫,১২৪.১৭ পইণ্টত বন্ধ হয়।

এছিয়াৰ বজাৰত আজি মিশ্ৰিত ব্যৱসায় চলি আছে। এছিয়াৰ ৯খন বজাৰৰ ভিতৰত চাৰিখন সূচকাংকই সেউজীয়া সূচকত শক্তিশালীভাৱে ব্যৱসায় কৰি আছে, আনহাতে তিনিখনে ৰঙা সূচকত কম ব্যৱসায় কৰি আছে। দক্ষিণ কোৰিয়া আৰু থাইলেণ্ডৰ ষ্টক এক্সচেঞ্জত ছুটীৰ বাবে কস্পি আৰু ছেট কম্পোজিট সূচকাংক অপৰিৱৰ্তিত হৈ আছে।

বৰ্তমান গিফ্ট নিফটিৰ মূল্য ২৩,২৯০ পইণ্টত, ২০২.৫০ পইণ্ট বা ০.৮৬ শতাংশ হ্ৰাস পাইছে। একেদৰে হাং চেং সূচকাংক ৪৪৬.৩২ পইণ্ট বা ১.৭৪ শতাংশ হ্ৰাস পাই ২৫,৫৯২ পইণ্ট হৈছে। জাকাৰ্টা কম্পোজিট সূচকাংক ২৪৯.১৭ পইণ্ট বা ৪.০২ শতাংশ হ্ৰাস পাই ৫,৯৪৬.২৬ পইণ্টত উপনীত হৈছে।

আনহাতে, ষ্ট্ৰেইটছ টাইমছ সূচকাংক ৫,১৩৫.৫০ পইণ্টত ব্যৱসায় কৰি আছে, যিটো ০.৭৫ শতাংশ বৃদ্ধি পাইছে। একেদৰে চাংহাই কম্পোজিট ইনডেক্স ০.৫৬ শতাংশ জপিয়াই ৪০৯৭.৯৪ পইণ্টত উপনীত হয়। আজি নিক্কেই সূচকাংকতো যথেষ্ট জঁপিয়াই পৰে। বৰ্তমান এই সূচকাংক ৬৮,৬৭২ পইণ্টত উপনীত হৈছে, যিটো ১,৯৩৭.৭৬ পইণ্ট বা ২.৯০ শতাংশ বৃদ্ধি পাইছে। একেদৰে টাইৱান ওজনযুক্ত সূচকাংক বৰ্তমান ৪৬,৪৭৪.২৯ পইণ্টত ব্যৱসায় কৰি আছে, যিটো ৯১৬.৯৮ পইণ্ট বা ২.০১ শতাংশ বৃদ্ধি পাইছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande