যোৰহাটত চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা
যোৰহাট, ০৩ জুন (হি.স.)। যোৰহাটত সংঘটিত হৈছে ডকাইতিৰ কাণ্ডৰ ঘটনা। যোৰহাটত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা। যোৱা নিশা অস্ত্ৰধাৰী দুৰ্বৃত্তৰ এটা দলে নগৰৰ সমীপৱৰ্তী জ্যোতিপুৰ ক''লাখোৱা অঞ্চলত এটা বাসগৃহত প্ৰৱেশ কৰি লুটপাত চলায়। এই ঘটনাই সমগ্
যোৰহাটত চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা


যোৰহাট, ০৩ জুন (হি.স.)। যোৰহাটত সংঘটিত হৈছে ডকাইতিৰ কাণ্ডৰ ঘটনা। যোৰহাটত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা।

যোৱা নিশা অস্ত্ৰধাৰী দুৰ্বৃত্তৰ এটা দলে নগৰৰ সমীপৱৰ্তী জ্যোতিপুৰ ক'লাখোৱা অঞ্চলত এটা বাসগৃহত প্ৰৱেশ কৰি লুটপাত চলায়।

এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে স্থানীয় ৰাইজৰ মাজত নিৰাপত্তাহীনতাৰ ভাব বৃদ্ধি কৰিছে। জানিব পৰা মতে, জ্যোতিপুৰ ক'লাখোৱাৰ বাসিন্দা ৰুবি পাত্ৰ নামৰ এগৰাকী বৰ্ষীয়ান মহিলা অকলশৰে ঘৰত থকা অৱস্থাত নিশাৰ সুযোগ গ্ৰহণ কৰি দুজন দুৰ্বৃত্তই বাসগৃহত প্ৰৱেশ কৰে।

প্ৰথমে দুৰ্বৃত্তকেইজনে মহিলাগৰাকীক ভয়-ভাবুকি প্ৰদৰ্শন কৰে আৰু পিছত চোকা অস্ত্ৰ দেখুৱাই তেওঁক আতংকিত কৰি তোলে। অভিযোগ অনুসৰি, দুৰ্বৃত্তকেইজনে মহিলাগৰাকীৰ ডিঙিত চোকা অস্ত্ৰ থৈ ঘৰৰ বিভিন্ন কোঠাত তালাচী চলায়। তাৰ পিছত ঘৰত থকা নগদ ধন, সোণৰ অলংকাৰ তথা আন মূল্যৱান সামগ্ৰী লুট কৰি নিয়ে।

সমগ্ৰ ঘটনাটো সংঘটিত কৰাৰ পিছত দুৰ্বৃত্তকেইজন কোনো বাধাৰ সন্মুখীন নোহোৱাকৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়। ঘটনাৰ পিছতে স্থানীয় লোকসকলে আৰক্ষীক খবৰ দিয়ে। খবৰ লাভ কৰি আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা বিভিন্ন তথ্য সংগ্ৰহ কৰাৰ লগতে দুৰ্বৃত্তকেইজনক চিনাক্ত কৰাৰ বাবে অনুসন্ধান অব্যাহত ৰাখিছে।

ইফালে, নিশাৰ এই দুঃসাহসিক ডকাইতিৰ ঘটনাই সমগ্ৰ অঞ্চলজুৰি উদ্বেগৰ সৃষ্টি কৰিছে। স্থানীয় ৰাইজে আৰক্ষীৰ টহল ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লগতে দোষীক অতি শীঘ্ৰে কৰায়ত্ত কৰাৰ দাবী জনাইছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande