জোনাইত উচ্চস্বৰত আজান প্ৰদানক লৈ সৰৱ ১৮টা স্থানীয় দল-সংগঠন, আৰক্ষী থানাত অভিযোগ দাখিল
জোনাইত উচ্চস্বৰত আজান প্ৰদানক লৈ সৰৱ ১৮টা স্থানীয় দল-সংগঠন জোনাই আৰক্ষী থানাত অভিযোগ দাখিল।
জোনাইত উচ্চস্বৰত আজান প্ৰদানক লৈ সৰৱ ১৮টা স্থানীয় দল-সংগঠন, আৰক্ষী থানাত অভিযোগ দাখিল


ধেমাজি, ০৩ জুন (হি.স.): ধেমাজি জিলাৰ জোনাই সদৰৰ বিভিন্ন প্ৰান্তত অৱস্থিত কেইবাটাও মছজিদত উচ্চস্বৰত আজান প্ৰদান কৰাৰ অভিযোগক কেন্দ্ৰ কৰি সৰৱ হৈ উঠিছে অঞ্চলটোৰ বিভিন্ন স্থানীয় দল-সংগঠন । বিষয়টোক লৈ আজি জোনাই আৰক্ষী থানাত এক লিখিত অভিযোগ দাখিল কৰে মুঠ ১৮টা স্থানীয় সংগঠনে ।

অভিযোগ অনুসৰি, বিগত কেইবাবছৰ ধৰি জোনাই সদৰৰ বিভিন্ন প্ৰান্তত থকা কেইবাটাও মছজিদত নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে উচ্চস্বৰত আজান প্ৰদান কৰি আহিছে । অত্যধিক শব্দৰ ব্যৱহাৰে অঞ্চলটোৰ শৈক্ষিক পৰিৱেশৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সামাজিক পৰিৱেশতো বিৰূপ প্ৰভাৱ পেলাই আহিছে । এই অভিযোগৰ ভিত্তিত কালি বিয়লি জোনাইৰ বিভিন্ন স্থানীয় সংগঠন ক্ৰমে টিএমপিকে। আছু, এজেৱাইচিপি, আবছু, আগছু ( TMPK, AASU, AJYCP, ABSU, AAGSU)কে ধৰি মুঠ ১৮টা দল-সংগঠনে জোনাই আৰক্ষী থানাত এখন অভিযোগ পত্ৰ দাখিল কৰি বিষয়টোৰ ওপৰত শীঘ্ৰে তদন্ত চলাই প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande