
মৰিগাঁও, ০৩ জুন (হি.স.)। মৈৰাবাৰীৰ পৰা ডিমাপুৰলৈ এখন যাত্ৰীবাহী ৰেলৰ ব্যৱস্থা কৰাৰ দাবী ধিং-লাহৰীঘাট সমষ্টিৰ ৰাইজৰ।
কৃষি আৰু বাণিজ্যিক প্ৰধান বৃহত্তৰ অঞ্চলটোৰ ৰাইজে দীৰ্ঘদিন ধৰি কৰি আহিছে এই দাবী।
ইতিমধ্যে সচেতন যুৱকৰ দল এটাই ধিং সমষ্টিৰ বিধায়ক মেহবুব মোক্তাৰক সাক্ষাৎ কৰে আৰু মৈৰাবাৰীৰ পৰা ডিমাপুৰলৈ যাত্ৰীবাহী ৰেল সেৱা আৰম্ভ কৰাৰ বাবে ৰেলৱে কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনায়। এই সময়োচিত দাবীৰ প্ৰতি সঁহাৰি জনাই ধিং সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক মেহবুব মুক্তাৰে এন. এফ ৰেলৱেৰ লামডিং ডিভিজনৰ প্ৰৱন্ধক গৰাকীলৈ এখনি পত্ৰ প্ৰেৰণ কৰে। ইয়াৰ পিছতে দলটোৱে লাহৰীঘাট সমষ্টিৰ বিধায়ক আছিফ মহম্মদ নাজাৰকো একেই দাবীৰে সাক্ষাৎ কৰে। লাহৰীঘাটৰ বিধায়ক গৰাকীয়েও মৈৰাবাৰীৰ পৰা ডিমাপুৰলৈ এখন যাত্ৰীবাহী ৰেলৰ ব্যৱস্থা কৰাৰ বাবে সংশ্লিষ্ট ৰেল কৰ্তৃপক্ষলৈ আৱেদন পত্ৰ প্ৰেৰণ কৰে।
ইপিনে ৰেলৱে বিভাগে যাতে যথাসম্ভৱ সোনকালে মৈৰাবাৰীৰ পৰা ডিমাপুৰলৈ যাত্ৰীবাহী ৰেল এখনৰ ব্যৱস্থা কৰে সেই ক্ষেত্ৰত এশ শতাংশ প্ৰচেষ্টা চলাই যাব বুলি ব্যক্ত কৰে ধিং সমষ্টিৰ বিধায়ক মেহবুব মুক্তাৰে।
বিধায়ক দুগৰাকীয়ে এন. এফ. ৰেলৱেৰ লামডিং ডিভিজনৰ প্ৰৱন্ধকগৰাকীলৈ একোখনকৈ আৱেদন পত্ৰ প্ৰেৰণ কৰা কাৰ্যক ৰাইজে ভূয়সী প্ৰশংসা কৰাৰ লগতে মৈৰাবাৰীৰ পৰা ডিমাপুৰলৈ সোনকালেই এখন যাত্ৰীবাহী ৰেলৰ ব্যৱস্থা কৰি দিবলৈ ৰেলৱে বিভাগলৈ অনুৰোধ জনাইছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু