
গোলাঘাট, ০৩ জুন (হি.স.): গোলাঘাট জিলাৰ দেৰগাঁৱৰ এটা পথকলৈ অসন্তুষ্ট হৈ পৰিছে জনতা। দেৰগাঁও নেঘেৰেটিং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা টেকেলা বৰুৱা সংযোগী পথৰ দূৰৱস্থাকলৈ ক্ষোভিত পথৰ দুয়ো কাষে থকা গাঁও বাসী। প্ৰধান মন্ত্ৰী গ্ৰাম ছড়ক য়োজনাৰ অধীনত প্রায় ৬ কিলোমিটাৰ পথচোৱা নিৰ্মান কৰা মাত্ৰ ৪ বছৰ নহওঁতেই জহি খহি যায়। গড়কাপ্তানী বিভাগৰ অধীনত ৩ কোটি ৮৫ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মান কৰা হৈছিল এই ৬ কিলোমিটাৰ দৈঘ্যৰ পথটো।
ইফালে এই পথটোৰ সৈতে নাহৰদঙা সংযোগী পথটোও অৰ্ধনির্মিত অৱস্থাত কাম এৰি থৈ যোৱাৰ অভিযোগ কৰে গাঁও বাসীসকলেয়ে ।চেন্দ গ্ৰেভেল পেলাই ৰোলাৰ চলাইয়েই কাম সামৰিলে ঠিকাদাৰে । আনহাতেদি নেঘেৰিটিং টেকেলা বৰুৱা সংযোগী পথছোৱা মেৰামতিৰ বাবে বহু বাৰ আবেদন নিবেদন কৰাৰ পিছতো গুৰুত্ব নিদিয়াৰ অভিযোগ পূৰ্বৰ বিধায়ক ভবেন্দ্ৰ নাথ ভৰালীৰ বিৰুদ্ধে । এক প্ৰকাৰ নিৰ্মানকাৰী সংস্থা তথা ঠিকাদাৰৰ বিৰুদ্ধে ক্ষুদ্ধ অঞ্চলবাসী ৰাইজসকল । এইক্ষেত্ৰত পথটি শীঘ্ৰে মেৰামতি কৰাই দিয়াৰ অনুৰোধ জনাইছে নৱনিৰ্বাচিত দেৰগাঁৱৰ বিধায়ক ডঃ মৃদুল কুমাৰ দত্তক ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ