দেৰগাঁৱৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা
গোলাঘাট, ০৩ জুন (হি.স.)। দেৰগাঁৱৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। দেৰগাঁৱৰ দাধৰাৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই পথ দুৰ্ঘটনাতো। ঘটনাৰ তথ্য অনুসৰি ঘাইপথৰে অহা-যোৱা কৰা দুয়োদিশৰ পথৰ ওপৰত থকা এখন দলঙৰ মাজৰ উন্মুক্ত দ-খাৱৈত সোমাই প
দেৰগাঁৱৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা


গোলাঘাট, ০৩ জুন (হি.স.)। দেৰগাঁৱৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। দেৰগাঁৱৰ দাধৰাৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই পথ দুৰ্ঘটনাতো।

ঘটনাৰ তথ্য অনুসৰি ঘাইপথৰে অহা-যোৱা কৰা দুয়োদিশৰ পথৰ ওপৰত থকা এখন দলঙৰ মাজৰ উন্মুক্ত দ-খাৱৈত সোমাই পৰে এখন প্ৰকাণ্ড ট্ৰেইলাৰ গাড়ীখন দেৰগাঁও দিশৰ পৰা বোকাখাত দিশে গৈ থকা অৱস্থাত এই দুৰ্ঘটনা সংঘটিত হৈছে। ঘটনাটোত ট্ৰেলাৰখনৰ চালক জন দৈব্যক্ৰমে ৰক্ষা পৰিছে যদিও আঘাটপ্ৰাপ্ত হৈছে।

দুখন কৃষি পথাৰৰ পানী অহা যোৱা কৰা এটা জানৰ ওপৰত থকা পকী দলং খন নিৰ্মানৰ সময়ত দুয়োদিশৰ পথৰ মাজৰ অংশটো উন্মুক্ত কৰি ৰখাৰ বাবেই সংঘটিত হৈছে এই ঘটনাটো। চাৰিলেনযুক্ত পথ নিৰ্মানকাৰী প্ৰতিষ্ঠানৰ গাফিলতিৰ বাবেই পথৰ মাজৰ দ- খাৱৈ মৰণফাণ্ড হৈ পৰিছে বৰ্তমান দেৰগাঁও নগৰৰ ৰাজপথ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande