ইতিহাসৰ পাতত ৪ জুন: যেতিয়া টিয়ানমেন চৌহদ হৈ পৰিল গণতন্ত্ৰ আৰু দমনৰ দাবীৰ প্ৰতীক
ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ইতিহাসত ৪ জুন তাৰিখটো বহু উল্লেখযোগ্য পৰিঘটনাৰ বাবে স্মৰণীয় যদিও ১৯৮৯ চনত চীনৰ ৰাজধানী বেইজিঙৰ টিয়ানমেন চ’কত সংঘটিত হোৱা পৰিঘটনাই ইয়াক বিশ্ব ইতিহাসৰ অন্যতম চৰ্চিত আৰু বিতৰ্কিত তাৰিখলৈ ঠেলি দিছিল। ১৯৮৯ চনৰ আজিৰ দিন
सांकेतिक।


ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ইতিহাসত ৪ জুন তাৰিখটো বহু উল্লেখযোগ্য পৰিঘটনাৰ বাবে স্মৰণীয় যদিও ১৯৮৯ চনত চীনৰ ৰাজধানী বেইজিঙৰ টিয়ানমেন চ’কত সংঘটিত হোৱা পৰিঘটনাই ইয়াক বিশ্ব ইতিহাসৰ অন্যতম চৰ্চিত আৰু বিতৰ্কিত তাৰিখলৈ ঠেলি দিছিল।

১৯৮৯ চনৰ আজিৰ দিনটোতে গণতান্ত্ৰিক সংস্কাৰ, মত প্ৰকাশৰ স্বাধীনতা, দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰা হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী আৰু নাগৰিকক চীনৰ সেনাই দমন কৰিছিল। কেইবা সপ্তাহ ধৰি চলি থকা শান্তিপূৰ্ণ প্ৰতিবাদ দমন কৰিবলৈ সামৰিক বাহিনীয়ে টেংক আৰু আৰ্টিলাৰী ব্যৱহাৰ কৰিছিল। এই দমন অভিযানত বহু সংখ্যক লোকৰ মৃত্যু হৈছিল যদিও প্ৰকৃততে হতাহতিৰ সংখ্যা এতিয়াও বিতৰ্কৰ বিষয় হৈয়ে আছে। এই পৰিঘটনাটো ইতিহাসত তিয়ানমেন চৌহদ হত্যাকাণ্ড বুলি লিপিবদ্ধ কৰা হৈছে।

এই ঘটনাক চীনৰ আধুনিক ইতিহাসৰ এক স্পৰ্শকাতৰ অধ্যায় হিচাপে গণ্য কৰা হয়। আজিও চীনত এই বিষয়টোৰ ওপৰত আলোচনা, সংবাদ মাধ্যমৰ বাতৰি, ৰাজহুৱা স্মৰণ আদিৰ ওপৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এই বিষয়ৰ সৈতে জড়িত বিষয়বস্তু ইণ্টাৰনেট আৰু ছ’চিয়েল মিডিয়াতো নিয়ন্ত্ৰিত হয়।

টিয়ানমেন চৌহদ নিজেই চীনৰ ৰাজনৈতিক ইতিহাসৰ এক উল্লেখযোগ্য কেন্দ্ৰ হৈ আহিছে। বৰ্তমান ই বিশ্বৰ অন্যতম বৃহৎ ৰাজহুৱা চৌহদ, য’ত এটা সময়ত প্ৰায় ৬ লাখ লোক একত্ৰি হ’ব পাৰে। ১৯১১ চনৰ বিপ্লৱৰ পূৰ্বে এই অঞ্চলটো মুকলি পথাৰ হিচাপে পৰিচিত আছিল। পিছলৈ ই ৰাজনৈতিক কাৰ্যকলাপৰ কেন্দ্ৰ হৈ পৰাৰ লগে লগে ইয়াৰ ঐতিহাসিক পৰিচয় শক্তিশালী হৈ উঠিল।

ছান য়াট-চেনৰ ধাৰণাৰে অনুপ্ৰাণিত আন্দোলনৰ নেতৃত্বত ১৯১১ চনৰ বিপ্লৱে চীনৰ সাম্ৰাজ্যবাদী ব্যৱস্থাৰ অন্ত পৰাৰ বাট মুকলি কৰি দিলে। পৰৱৰ্তী সময়ত টিয়ানমেন চৌহদ ৰাষ্ট্ৰীয় আৰু ৰাজনৈতিক অনুষ্ঠানৰ এক প্ৰধান স্থানত পৰিণত হয়।

১৯৪৯ চনৰ ১ অক্টোবৰত মাও জেটুঙে ইয়াত এক বৃহৎ সমাৱেশক ভাষণ দি চীনৰ গণৰাজ্য প্ৰতিষ্ঠা ঘোষণা কৰাৰ লগে লগে এই চৌহদৰ তাৎপৰ্য্য আৰু অধিক বৃদ্ধি পায়। তেতিয়াৰ পৰাই এই স্থানক চীনৰ ৰাজনৈতিক শক্তি আৰু জাতীয় পৰিচয়ৰ এক মূল প্ৰতীক হিচাপে গণ্য কৰা হয়।

গুৰুত্বপূৰ্ণ পৰিঘটনা

১৮৯৬ - হেনৰী ফৰ্ডে আমেৰিকাৰ ডেট্ৰাইটত প্ৰথম মডেল পৰীক্ষা কৰে।

১৯১৯ - আমেৰিকাৰ নৌসেনাই কোষ্টা ৰিকাক আক্ৰমণ কৰে।

১৯২৮ -চীনৰ ৰাষ্ট্ৰপতি হং জলিনক জাপানী এজেণ্টে হত্যা কৰে।

১৯২৯ - জৰ্জ ইষ্টমেনে প্ৰথমখন ৰঙীন ছবি উপস্থাপন কৰে।

১৯৩৬ - হিন্দী চিনেমাৰ বিখ্যাত অভিনেত্ৰী নুতনৰ জন্ম হয়। বন্দিনী, সুজাতা, অনাৰি আদি ছবিত কালজয়ী অভিনয়ৰ বাবে তেওঁ পৰিচিত।

১৯৪০ - দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাৰ্মান বাহিনীয়ে ফ্ৰান্সৰ ৰাজধানী পেৰিছত প্ৰৱেশ কৰে।

১৯৪৪ - দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আমেৰিকাৰ বাহিনীয়ে ৰোমত প্ৰৱেশ কৰে।

১৯৫৯ - চি ৰাজগোপালাচাৰীয়ে স্বতন্ত্ৰ পাৰ্টি গঠনৰ কথা ঘোষণা কৰে।

১৯৬৪ - মালদ্বীপত সংবিধানৰ খচৰা প্ৰস্তুত কৰা হয়।

১৯৭০ - ব্ৰিটেইনৰ পৰা বিচ্ছিন্ন হৈ টংগা এখন স্বাধীন দেশত পৰিণত হয়।

১৯৮২ - ইজৰাইলে দক্ষিণ লেবাননত আক্ৰমণ কৰে।

১৯৮৯ - চীনৰ ৰাজধানী বেইজিঙৰ টিয়ানমেন চৌহদত শান্তিপ্ৰিয় সাধাৰণ নাগৰিকৰ বিৰুদ্ধে সামৰিক ব্যৱস্থা গ্ৰহণ।

১৯৯১ - ইউৰোপীয় দেশ আলবেনিয়াত দ্বিতীয় বিশ্বযুদ্ধৰ পিছত প্ৰথমখন অকমিউনিষ্ট চৰকাৰ গঠন হয়।

১৯৯৭ - এটা দূৰসংযোগ উপগ্ৰহই ২ডি কক্ষপথত উপনীত হয়।

২০০১ - নেপালৰ নৱনিযুক্ত ৰজা দিপেন্দ্ৰৰ চিকিৎসালয়ত মৃত্যু হয়। জ্ঞানেন্দ্ৰৰ ৰাজ অভিষেকৰ বিৰুদ্ধে হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয় আৰু হত্যাকাণ্ডৰ তদন্তৰ বাবে আয়োগ গঠন কৰা হয়।

২০০৩ - ডমিনিকান ৰিপাব্লিকৰ ১৮ বছৰীয়া সুন্দৰী আমেলিয়া ভেগা ২০০৩ চনৰ মিছ ইউনিভাৰ্ছ হয়।

২০০৫ - এল.কে. আদৱানীয়ে মহম্মদ জিন্নাক কৰাচীৰ ধৰ্মনিৰপেক্ষ ব্যক্তি বুলি অভিহিত কৰে।

২০০৬ - যুগোস্লাভিয়াৰ পূৰ্বৰ গণৰাজ্য মণ্টেনেগ্ৰোৱে স্বাধীনতা ঘোষণা কৰে।

২০০৭ - চীনৰ উপ-প্ৰধানমন্ত্ৰী হং চুৰ মৃত্যু হয়। ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাছিও লুলা দা চিলভাক ২০০৬ চনৰ জৱাহৰলাল নেহৰু বঁটাৰে সন্মানিত কৰা হয়।

২০০৮ - হাৰিয়ানা চৰকাৰে ২৫ বছৰৰ তলৰ ছোৱালীক পৰিয়াল পেঞ্চনৰ সুবিধা বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে।

২০০৮ - নিউয়ৰ্কৰ চিনেটৰ হিলাৰী ক্লিণ্টনক পৰাস্ত কৰি বাৰাক ওবামাই আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ বাবে ডেম’ক্ৰেটিক পাৰ্টিৰ মনোনয়ন লাভ কৰে।

২০১১ - এক নতুন সমীক্ষাত প্ৰকাশ পাইছে যে ভাৰতীয়সকলে অৰ্থনৈতিক বৃদ্ধিতকৈ পৰিৱেশ সুৰক্ষাক প্ৰান্তীয়ভাৱে অগ্ৰাধিকাৰ দিয়ে। আমেৰিকাৰ আগশাৰীৰ জৰীপ সংস্থা গ্যালাপে শেহতীয়াকৈ কৰা সমীক্ষাত উল্লেখ কৰিছে যে অধিকাংশ জনসংখ্যাই অৰ্থনীতিতকৈ পৰিৱেশৰ ওপৰত অধিক মনোনিৱেশ কৰে।

২০১১ - অৰ্থনীতিৰ নোবেল বঁটা লাভ কৰা ভাৰতীয় অৰ্থনীতিবিদ ড° অমৰ্ত্য সেনে পশ্চিমীয়া দেশসমূহক ভাৰত আৰু চীনৰ পৰা শিকিবলৈ পৰামৰ্শ দিয়ে। ড° সেনে কয় যে পশ্চিমীয়া দেশসমূহক নতুন ধাৰণাৰ প্ৰয়োজন।

২০১৫ - ঘানাত পেট্ৰল পাম্পত অগ্নিকাণ্ড সংঘটিত হৈ ২০০ৰো অধিক লোকৰ মৃত্যু হয়।

জন্ম

১৯৩৬ - নুতন - হিন্দী চিনেমাৰ আটাইতকৈ বিখ্যাত অভিনেত্ৰী

১৯৪৬ - এছ পি বালাসুব্ৰহ্মণ্যম - ভাৰতীয় চিনেমাৰ অন্যতম বিখ্যাত প্লেবেক গায়ক।

১৯৪৮ চনত অনিল শাস্ত্ৰী - ভাৰতীয় জাতীয় কংগ্ৰেছৰ জ্যেষ্ঠ নেতা।

১৯৭৫ - আমেৰিকাৰ অভিনেত্ৰী এঞ্জেলিনা জলিৰ জন্ম হয়।

১৯৮৮ - প্ৰবীণ ভগত - ভাৰতীয় পেৰা বেডমিণ্টন খেলুৱৈ।

মৃত্যু

১৯৬২ - অচন্ত লক্ষ্মীপতি - আয়ুৰ্বেদিক ঔষধৰ প্ৰচাৰৰ বাবে বিখ্যাত।

২০১৬ - সুলাভা দেশপাণ্ডে - হিন্দী আৰু মাৰাঠী ছবিৰ ভাৰতীয় অভিনেত্ৰী।

২০১৮ - লেখক অভিমন্যু অনন্ত - মৰিচাছত হিন্দী কল্পকাহিনীৰ সম্ৰাট।

গুৰুত্বপূৰ্ণ অনুষ্ঠান

- থায়ানমেন ডে।

- শিশু নিৰ্যাতন বিৰোধী দিৱস।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande