চতিয়াত কৰৈয়নীত এটা পুখুৰীত মৰিছে কুইন্টলে কুইন্টলে মাছ।
বিশ্বনাথ, ০৩ জুন (হি.স.)। চতিয়াত কৰৈয়নীত এটা পুখুৰীত মৰিছে কুইন্টলে কুইন্টলে মাছ। জালালউদ্দিন নামৰ যুৱকজনৰ পুখুৰীত এইদৰে ওপঙি আছে শ শ মৰা মাছ। পুৱাৰ ভাগত যুৱকজনে পুখুৰীত এইদৰে মৰা মাছ সমুহ ওপঙি থকা দেখি আচৰিত হয়। কোনো দুস্কৃতিকাৰীয়ে পুখুৰীত
চতিয়াত কৰৈয়নীত এটা পুখুৰীত মৰিছে কুইন্টলে কুইন্টলে মাছ।


বিশ্বনাথ, ০৩ জুন (হি.স.)। চতিয়াত কৰৈয়নীত এটা পুখুৰীত মৰিছে কুইন্টলে কুইন্টলে মাছ। জালালউদ্দিন নামৰ যুৱকজনৰ পুখুৰীত এইদৰে ওপঙি আছে শ শ মৰা মাছ।

পুৱাৰ ভাগত যুৱকজনে পুখুৰীত এইদৰে মৰা মাছ সমুহ ওপঙি থকা দেখি আচৰিত হয়।

কোনো দুস্কৃতিকাৰীয়ে পুখুৰীত বিহ দি মাছ সমূহ নিধন কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে যুৱকজনে।

মৎস পালনৰ জৰিয়তে পৰিয়াল পোহপাল দি থকা যুৱকজনৰ পুখুৰীত এইদৰে পোহনীয়া মাছ নিধন হোৱাত এতিয়া দিশহাৰা হৈ পৰিছে যুৱকজন।

এই ঘটনাৰ পাছত পৰিয়ালৰ মাজত আজি হাহাঁকাৰ পৰিৱেশৰ সৃষ্টি হৈছে৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande