ড° লক্ষ্মীনন্দন বৰাৰ মৃত্যু বাৰ্ষিকীত মুখ্যমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
গুৱাহাটী, ০৩ জুন (হি.স.)। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে প্ৰখ্যাত সাহিত্যিক ড০ লক্ষ্মীনন্দন বৰাৰ মৃত্যু বাৰ্ষিকীত আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ড° বৰাক অসমীয়া সাহিত্য জগতৰ এক উজ্জ্বল নক্ষত্ৰ বুলি অভিহিত কৰি তেওঁ নিজৰ সাহিত্যিক
The image shared by Assam CM Dr Himanta Biswa Sarma.


গুৱাহাটী, ০৩ জুন (হি.স.)। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে প্ৰখ্যাত সাহিত্যিক ড০ লক্ষ্মীনন্দন বৰাৰ মৃত্যু বাৰ্ষিকীত আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ড° বৰাক অসমীয়া সাহিত্য জগতৰ এক উজ্জ্বল নক্ষত্ৰ বুলি অভিহিত কৰি তেওঁ নিজৰ সাহিত্যিক অৱদানৰ কথা স্মৰণ কৰে।

ছ’চিয়েল মিডিয়াত দিয়া বাৰ্তাত মুখ্যমন্ত্ৰীয়ে কয় যে ড০ বৰাই তেওঁৰ গৱেষণা-চালিত সৃষ্টিশীল প্ৰতিভাৰে অসমীয়া সাহিত্যক নতুন উচ্চতালৈ লৈ গ’ল। ভাওনা গল্পৰ পৰা আৰম্ভ হোৱা তেওঁৰ সাহিত্য যাত্ৰাই অসংখ্য অমূল্য ৰচনাৰ জৰিয়তে সাহিত্য জগতখনক সমৃদ্ধ কৰি পাঠকৰ মনত গভীৰ ছাপ পেলাইছিল।

তেওঁ কয় যে ড° বৰাই তেওঁৰ লেখাৰ জৰিয়তে সমাজৰ সংগ্ৰাম, মানৱ জীৱন, মূল্যবোধ, আৰু সময়ৰ পৰিৱৰ্তিত স্পন্দনক শক্তিশালীভাৱে প্ৰকাশ কৰিছিল। তেওঁৰ সাহিত্যিক ৰচনা, চিন্তা, আদৰ্শ সদায় নতুন প্ৰজন্মৰ বাবে প্ৰেৰণাৰ উৎস হৈ থাকিব।

মুখ্যমন্ত্রী শৰ্মাই সৰস্বতী সন্মান প্রাপক ড০ লক্ষ্মীনন্দন বৰাৰ চহকী সাহিত্যিক উত্তৰাধিকাৰ আগন্তুক প্রজন্মক পথ প্ৰদৰ্শন কৰি যাব বুলি মন্তব্য কৰে ৷ তেখেতে তেখেতৰ মৃত্যু বাৰ্ষিকীত মহান সাহিত্যিকগৰাকীক বিনম্ৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande