
নতুন দিল্লী, ০৩ জুন (হি.স.)। কেন্দ্ৰীয় চৰকাৰে মধ্যপ্ৰদেশ, ওড়িশা, তেলেংগানা, আৰু বিহাৰৰ গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পত অনুমোদন জনাইছে, যাৰ লক্ষ্য হৈছে পথ সংযোগ, উপকূলীয় সংযোগ আৰু আঞ্চলিক অৰ্থনৈতিক উন্নয়ন বৃদ্ধি কৰা। এই প্ৰকল্পসমূহৰ মূল্য প্ৰায় ২৪,০০০ কোটি টকা আৰু ইয়াৰ দ্বাৰা যাতায়তৰ প্ৰবাহ সহজ কৰি তুলিব আৰু উদ্যোগ আৰু পৰ্যটন কাৰ্যকলাপ বৃদ্ধি কৰিব।
বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অর্থনৈতিক পৰিক্ৰমা কেবিনেট কমিটীয়ে বিভিন্ন ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পত অনুমোদন জনায়। ৰাষ্ট্ৰীয় মিডিয়া চেণ্টাৰত কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই সিদ্ধান্তৰ কথা ঘোষণা কৰে।
তেওঁ উল্লেখ কৰে যে মধ্যপ্ৰদেশৰ ৩৪৭বি ৰাষ্ট্ৰীয় ঘাইপথৰ হিৱাৰখেড়ী-ৰোশনী-আছাপুৰ-ৰুধি অংশত বৰ্তমানৰ মধ্যৱৰ্তী লেনখন পকী শোল্ডাৰেৰে দুটা লেনলৈ উন্নীত কৰা হ’ব। তদুপৰি দেশগাঁও-জুলৱানিয়া অংশৰ বৰ্তমানৰ দুলেনযুক্ত পথটো চাৰি লেনলৈ বহল কৰা হ’ব। ২৩৩.৬৫৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই প্ৰকল্পত ৪৪১৫.৬০ কোটি টকা ব্যয় হ’ব বুলি অনুমান কৰা হৈছে। এই প্ৰকল্পৰ অধীনত খাৰগোনেলৈ ১৬.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ গ্ৰীণফিল্ড বাইপাছও নিৰ্মাণ কৰা হ’ব।
আনহাতে, ৰামেশ্বৰমৰ পৰা ওড়িশাৰ পৰাদিপলৈ ১৬৩.১৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ নতুন উপকূলীয় ঘাইপথ প্ৰকল্পতো মন্ত্ৰীসভাই অনুমোদন জনায়। এই প্ৰকল্পৰ মুঠ ব্যয় ₹৮,৩০০.৭৯ কোটি বুলি অনুমান কৰা হৈছে। ইয়াৰ নিৰ্মাণে উপকূলীয় অঞ্চলত সংযোগ উন্নত কৰিব আৰু বন্দৰভিত্তিক অৰ্থনৈতিক কাৰ্যকলাপক প্ৰসাৰিত কৰিব। এই প্ৰকল্পৰ জৰিয়তে ৯টা অৰ্থনৈতিক আৰু ৫টা লজিষ্টিক হাব সংযোগ কৰা হ’ব। ইয়াৰ জৰিয়তে ৰামেশ্বৰ-পৰদীপৰ মাজত যাতায়তৰ সময় ডেৰ-দুই ঘন্টা হ্ৰাস পাব।
তেলেংগানাত ৬৩ নং ৰাষ্ট্ৰীয় ঘাইপথৰ আৰ্মুৰ-জাগটিয়াল-মঞ্চেৰিয়েল অংশ আৰু ৫৬৩ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জগটিয়াল- কৰিমনগৰ অংশ চাৰিলেন মানদণ্ডত উন্নীত কৰা হ’ব। ১৯০.৭৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই প্ৰকল্পত ₹৭,৫৯৭.১৬ কোটি টকা বিনিয়োগ কৰা হ’ব। ইয়াৰ ফলত ৰাজ্যৰ উত্তৰ আৰু মধ্য অঞ্চলত যাতায়তৰ ক্ষমতা বৃদ্ধিৰ লগতে মাল পৰিবহণৰ সুবিধা হ’ব। এই প্ৰকল্পৰ জৰিয়তে আৰ্মুৰ আৰু মানচেৰিয়েলৰ মাজত ডেৰ ঘণ্টা আৰু জগতিয়াল আৰু কৰিমনগৰৰ মাজত যাত্ৰাৰ সময় প্ৰায় ৪৫ মিনিট হ্ৰাস পাব।
তদুপৰি বিহাৰৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ২৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ খগড়িয়া-পুৰ্ণিয়া অংশটো টোল ভিত্তিক বি অ’ টি মডেলত চাৰিলেন মানদণ্ডলৈ উন্নীতকৰণৰ বাবে অনুমোদন জনোৱা হৈছে। এই প্ৰকল্পৰ আনুমানিক ব্যয় ₹৩,৯৩৬.০৫ কোটি। ইয়াৰ দ্বাৰা উত্তৰ-পূব বিহাৰৰ পথ সংযোগ শক্তিশালী হোৱাৰ লগতে আঞ্চলিক উন্নয়ন ত্বৰান্বিত হ’ব। এই প্ৰকল্পৰ জৰিয়তে পূৰ্ণিয়া চহৰলৈ গ্ৰীণফিল্ড বাইপাছ নিৰ্মাণ কৰা হ’ব, য’ত পাঁচটা অৰ্থনৈতিক আৰু ১১টা লজিষ্টিক কেন্দ্ৰ সংযোগ কৰা হ’ব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া