
নতুন দিল্লী, ০৩ জুন (হি.স.)। পশ্চিম এছিয়াত চলি থকা সংকট আৰু বিশ্বজুৰি ইন্ধনৰ মূল্যবৃদ্ধিৰ মাজতে কেন্দ্ৰীয় কেবিনেটে ভাৰতীয় বিমান সংস্থাসমূহৰ বাবে ১০ হাজাৰ কোটি টকাৰ এটিএফ মূল্য স্থিতিশীলতা পুঁজিৰ অনুমোদন জনাইছে। ইয়াৰ প্ৰধান উদ্দেশ্য হৈছে বিমান সংস্থা আৰু যাত্ৰীসকলক ইন্ধনৰ মূল্যৰ উল্লেখযোগ্য জোকাৰণিৰ পৰা ৰক্ষা কৰা।
বুধবাৰে ইয়াত এখন সংবাদমেলত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে তেল বিপণন কোম্পানী (অ’এমচি)ক তেওঁলোকৰ ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় পৰিচালনাৰ বাবে নিৰ্ধাৰিত ভাৰতীয় বিমান সংস্থাসমূহৰ বিমান টাৰ্বাইন ইন্ধনৰ (এটিএফ) মূল্য সুস্থিৰ কৰাত সহায় কৰিবলৈ ১০,০০০ কোটি ₹তকৈ অধিক এককালীন বাজেট সহায়ত অনুমোদন জনাইছে।
বৈষ্ণৱে কয় যে এই বাজেট সহায়ক পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ “অনুদানৰ দাবী”ৰ জৰিয়তে তেল বিপণন কোম্পানীসমূহক সুতমুক্ত অগ্ৰিম হিচাপে প্ৰদান কৰা হ’ব। পশ্চিম এছিয়াৰ সংকটৰ বাবে ইন্ধনৰ মূল্যৰ যথেষ্ট অস্থিৰতা চলি থকা সময়ছোৱাত বিমান সংস্থাসমূহৰ বাবে এটিএফৰ মূল্য সুস্থিৰ কৰি ৰখাত সহায় কৰিবলৈ অ’এমচিসমূহক এই সহায় আগবঢ়োৱা হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া