
ধুবুৰী, ০৩ জুন (হি.স.)। অৱশেষত বিলাসীপাৰা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হ'ল লাভ জেহাদৰ মূল অভিযুক্তক । মূল অভিযুক্ত মিনাৰ হুছেইনক বিলাসীপাৰা আৰক্ষীয়ে চাপৰত গৈ থকা অৱস্থাত আটক কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে বিলাসীপাৰা আৰক্ষী থানাৰ অন্তৰ্গত সূৰ্যখাতা ২য় খণ্ড গাঁৱৰ মিনাৰ হুছেইনে হিন্দু পৰিচয় দি লুটাপাৰা গাঁৱৰ এগৰাকী হিন্দু যুৱতীৰ লগত প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল ।
প্ৰেমৰ সম্পৰ্কৰ চলনাৰে যুৱতী গৰাকীৰ সৈতে অন্তৰংগ মুহূৰ্তৰ ছবি মোবাইল ফোনত বন্দি কৰিছিল । তাৰ পিছত সেই ছবিৰে ব্লেক মেইলিং কৰি যুৱতী গৰাকীক মুছলমান ধৰ্মলৈ ধৰ্মান্তৰিত কৰাৰ অভিযোগ ভুক্তভোগী যুৱতী গৰাকীৰ । ইয়াৰ পিছতে ভুক্তভোগী যুৱতী গৰাকীয়ে কাষ চাপিছিল বিলাসীপাৰা আৰক্ষী প্ৰশাসনৰ । আৰক্ষীৰ নিষ্ক্ৰিয় ভূমিকাক লৈ সৰৱ যুৱতী গৰাকী কাষ চাপিছিল সংবাদ মাধ্যমৰ ।
এই বাতৰি কালি সবিস্তাৰে সম্প্ৰচাৰ হোৱাৰ পিছত ততপৰ হৈ পৰে বিলাসীপাৰা আৰক্ষী । আৰু লম্পট যুৱক মিনাৰ হুছেইনৰ বিৰুদ্ধে চলায় তীব্ৰ অভিযান । অভিযানত চাপৰত পলাতক হৈ থকা মিনাৰ হুছেইনক আটক কৰি বিলাসীপাৰা আৰক্ষী থানালৈ নিয়ে । সম্প্ৰতি অধিক তথ্য উদ্ধাৰৰ বাবে লম্পট মিনাৰক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা