খান ছাৰৰ কোচিং চেণ্টাৰত সংঘটিত আক্ৰমণৰ সৈতে জড়িত তিনিজন লোকক গ্ৰেপ্তাৰ, আৰক্ষীৰ তদন্ত অব্যাহত
পাটনা, ০৩ জুন (হি.স.)। বিহাৰৰ ৰাজধানী পাটনাত খান ছাৰৰ কোচিং চেণ্টাৰত সংঘটিত আক্ৰমণৰ সৈতে জড়িত তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । ধৃত অভিযুক্তৰ ভিতৰত আছে জ্ঞান বিন্দু কোচিঙৰ পৰিচালক ৰোশন আনন্দ আৰু তেওঁৰ দুই সহযোগী অভিষেক আৰু গৌৰৱ। তিনিওজনকে আৰ
खान सर की फाइल फोटो


পাটনা, ০৩ জুন (হি.স.)। বিহাৰৰ ৰাজধানী পাটনাত খান ছাৰৰ কোচিং চেণ্টাৰত সংঘটিত আক্ৰমণৰ সৈতে জড়িত তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । ধৃত অভিযুক্তৰ ভিতৰত আছে জ্ঞান বিন্দু কোচিঙৰ পৰিচালক ৰোশন আনন্দ আৰু তেওঁৰ দুই সহযোগী অভিষেক আৰু গৌৰৱ। তিনিওজনকে আৰক্ষীয়ে অহৰহ জেৰা অব্যাহত ৰাখিছে আৰু ইয়াৰ সম্যক তদন্ত অব্যাহত আছে।

আৰক্ষীৰ মতে, তদন্তৰ সময়ত গুৰুত্বপূৰ্ণ সূত্ৰ আৰু উপলব্ধ প্ৰমাণৰ ভিত্তিত জ্ঞান বিন্দু কোচিঙৰ সঞ্চালক ৰোশন আনন্দ আৰু তেওঁৰ দুই সহযোগীক আটক কৰা হয়। পৰৱৰ্তী জেৰা আৰু প্ৰমাণ নিশ্চিত কৰাৰ পিছত তিনিওজনকে আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰা হয়।

বুধবাৰে টাউন মহকুমা আৰক্ষী বিষয়া ৰাজেশ ৰঞ্জনে এই গ্ৰেপ্তাৰৰ কথা নিশ্চিত কৰি কয় যে গোচৰৰ প্ৰতিটো দিশৰ তদন্ত চলি আছে। তেওঁ লগতে কয় যে আইন-শৃংখলাক প্ৰত্যাহ্বান জনোৱা কোনো লোকক ৰেহাই দিয়া নহ’ব। আৰক্ষীয়ে প্ৰমাণৰ ভিত্তিত নিৰপেক্ষভাৱে ব্যৱস্থা গ্ৰহণ কৰি ঘটনাৰ লগত জড়িত আন ব্যক্তিক চিনাক্ত কৰি আছে।

তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ পিছতে মহানগৰীত এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হৈছে। অৱশ্যে আৰক্ষী বিষয়াসকলে স্পষ্টভাৱে উল্লেখ কৰিছে যে উপলব্ধ প্ৰমাণ আৰু তদন্তৰ ভিত্তিত এই সমগ্ৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । লগতে কোনো নিৰীহ ব্যক্তিক হাৰাশাস্তি কৰা নহ’ব বুলিও আশ্বাস দিছে আৰু যদিহে তদন্তত আনৰ জড়িততা প্ৰকাশ পায় তেন্তে তেওঁলোকৰ বিৰুদ্ধেও আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

এই গোচৰৰ এটা গুৰুত্বপূৰ্ণ তথ্য হ’ল চিচিটিভিৰ ফুটেজত কোচিং ইনষ্টিটিউটত কোনো ধৰণৰ গুলীচালনা নিশ্চিত কৰা হোৱা নাই। ঘটনাৰ পিছত বন্দুকৰ গুলীৰ উৰাবাতৰি বিয়পি পৰাৰ পাছতো আৰক্ষীৰ তদন্তত এতিয়াও এনে কোনো স্পষ্ট প্ৰমাণ পোৱা নাই।

বুধবাৰে সংঘটিত ঘটনাৰ পিছত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত খানে আৰক্ষী আৰু প্ৰশাসনৰ এই কাৰ্যক লৈ সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ কয়, এতিয়ালৈকে আৰক্ষীৰ এই কাৰ্য্যত আমি সন্তুষ্ট। গোটেই নিশাটো ইয়াত আন বিষয়াৰ সৈতে জ্যেষ্ঠ আৰক্ষী বিষয়া উপস্থিত আছিল। আমাৰ নিৰাপত্তাৰ বাবে প্ৰায় ৫০ৰ পৰা ৭০জন আৰক্ষী জোৱান নিয়োগ কৰা হৈছিল। নিৰাপত্তাৰ ব্যৱস্থাৰ বাবে প্ৰশাসনক ধন্যবাদ জনাইছো।

উল্লেখযোগ্য যে মঙলবাৰে সন্ধিয়া কদমকুৱান থানা এলেকাত অৱস্থিত খান ছাৰৰ কোচিং চেণ্টাৰত একাংশ অসামাজিক শক্তিয়ে আক্ৰমণ কৰে। দুষ্কৃতিকাৰীয়ে কোচিং চেণ্টাৰ ভাঙি তাত নিয়োজিত নিৰাপত্তাৰক্ষীক আক্ৰমণ কৰে। বৰ্তমান পাটনা চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে আহত চকীদাৰজন।

আৰক্ষীয়ে জনোৱা মতে, তদন্ত দ্ৰুতগতিত আগবাঢ়িছে আৰু এই কাণ্ডৰ সৈতে জড়িত আন সন্দেহযুক্ত লোকক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে। প্ৰশাসনে মহানগৰীত আইন-শৃংখলা বজাই ৰখাৰ লগতে শিক্ষানুষ্ঠানসমূহৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ আশ্বাস প্ৰদান কৰিছে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande