বোকাখাতৰ ভাৰত সঞ্চাৰ নিগম লিমিটেডৰ কাৰ্যালয়ত চুৰিকাণ
গোলাঘাট, ০৩ জুন (হি.স.)। বোকাখাতৰ ভাৰত সঞ্চাৰ নিগম লিমিটেডৰ কাৰ্যালয়ত চুৰিকাণ্ড ৷ বোকাখাতৰ ভাৰত সঞ্চাৰ নিগম লিমিটেডৰ কাৰ্যালয়ৰ চৌহদৰ পৰাই চুৰি হৈছে মূল্যৱান সামগ্ৰী ৷ কিন্তু চোৰে তলা ভাঙি বা অন্য প্ৰকাৰে নহয় ৷ চোৰে নিজেই কাৰ্যালয় চৌহদৰ তলা খোলাৰ ল
বোকাখাতৰ ভাৰত সঞ্চাৰ নিগম লিমিটেডৰ কাৰ্যালয়ত চুৰিকাণ


গোলাঘাট, ০৩ জুন (হি.স.)। বোকাখাতৰ ভাৰত সঞ্চাৰ নিগম লিমিটেডৰ কাৰ্যালয়ত চুৰিকাণ্ড ৷ বোকাখাতৰ ভাৰত সঞ্চাৰ নিগম লিমিটেডৰ কাৰ্যালয়ৰ চৌহদৰ পৰাই চুৰি হৈছে মূল্যৱান সামগ্ৰী ৷ কিন্তু চোৰে তলা ভাঙি বা অন্য প্ৰকাৰে নহয় ৷ চোৰে নিজেই কাৰ্যালয় চৌহদৰ তলা খোলাৰ লগতে মূল্যৱান সামগ্ৰী থকা কোঠাৰ তলা খুলি সামগ্ৰী চুৰি কৰাৰ অভিযোগ উঠিছে ৷

এই কথা স্বীকাৰ কৰিছে ভাৰত সঞ্চাৰ নিগম লিমিটেডৰ বোকাখাত কাৰ্যালয়ৰ পৰিচালকগৰাকীয়ে ৷ তাৰোপৰি চোৰে কেনেকৈ কাৰ্যালয়টোৰ পৰা মূল্যৱান সামগ্ৰী চুৰি কৰিলে তাৰো এক টেলিফোন্ক বাৰ্তালাপ আহি পৰিছে সাংবাদিকৰ হাতত ৷ আনহাতে কাৰ্যালয়টোত মূল্যৱান সামগ্ৰী চুৰি হোৱা সন্দৰ্ভত পৰিচালক গৰাকীয়ে বোকাখাত আৰক্ষী থানাত এজাহাৰ দাখিল কৰিয়েই দায়িত্ব সামৰাৰ কথা অকপটে স্বীকাৰ কৰিছে ৷ এই ক্ষেত্ৰত জনৈক তামুলী উপাধিৰ ঠিকাদাৰজনে বিভাগক জনোৱাৰ পিছতো বিভাগৰ উচ্চ পদস্থ বিষয়াই তেওঁক ধমক দিয়াৰো অভিযোগ উঠিছে ৷ আনহাতে মূল্যৱান সামগ্ৰী থকা বোকাখাতৰ ভাৰত সঞ্চাৰ নিগম লিমিটেডৰ কাৰ্যালয়ত কোনো ধৰণৰ নিৰাপত্তা নথকাৰ কথা স্বীকাৰ কৰিছে দিনৰ ভাগত থকা কৰ্মচাৰীয়ে ৷ কেন্দ্ৰীয় চৰকাৰৰ তত্বাৱধানত থকা এটা কাৰ্যালয়ত এনে ধৰণৰ অৰাজকতাই আচলতে কি ভুমিকা পালন কৰিব খুজিছে সি অতি লক্ষণীয় ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande