ইউ চি চিৰ ফলত বাল্য বিবাহ, বহু বিবাহ সকলো বন্ধ হ’ব–অমল নাৰায়ণ পাটোৱাৰী
কাৰ্বি আংলং, ০৩ জুন (হি.স.)। ইউ চি চিৰ ফলত বাল্য বিবাহ, বহু বিবাহ সকলো বন্ধ হ’ব। এই মন্তব্য বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ অমল নাৰায়ণ পাটোৱাৰীৰ। ডিফুত কাৰ্বি আংলং জিলা বিজেপি দলৰ কাৰ্যালয়ত তেওঁ এক সংবাদমেলৰ আহ্বান কৰি এই কথা কয়। ড° হিমন্ত বিশ্ব শৰ্মাই
ইউ চি চিৰ ফলত বাল্য বিবাহ, বহু বিবাহ সকলো বন্ধ হ’ব–অমল নাৰায়ণ পাটোৱাৰী


কাৰ্বি আংলং, ০৩ জুন (হি.স.)। ইউ চি চিৰ ফলত বাল্য বিবাহ, বহু বিবাহ সকলো বন্ধ হ’ব। এই মন্তব্য বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ অমল নাৰায়ণ পাটোৱাৰীৰ। ডিফুত কাৰ্বি আংলং জিলা বিজেপি দলৰ কাৰ্যালয়ত তেওঁ এক সংবাদমেলৰ আহ্বান কৰি এই কথা কয়।

ড° হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছতে প্ৰথম খন অধিবেশনতে গৃহীত হয় ইউ চি চি

কিন্তু ইউ চি চি গৃহীত হোৱাৰ পিছতে সংখ্যালঘু লোক আৰু একাংশ জনজাতীয় লোকে ইয়াৰ বিৰোধিতা কৰিছে৷

দুদিন পূৰ্বে পাহাৰৰ আঞ্চলিক দল এপিএইছএলচি য়েই ইয়াৰ বিৰুদ্ধে ধৰ্ণা দিছিল৷

ইউ চি চি গৃহীত হোৱাৰ সময়তে মুখ্যমন্ত্ৰীয়ে জনজাতি সকলক ইয়াৰ পৰা বাহিৰত ৰখা হৈছে বুলি স্পষ্ট কৰিছিল যদিও দলটোৱে ভৈয়ামত বসবাস কৰা কাৰ্বিসকলে যিহেতু জনজাতিৰ স্বীকৃতি পোৱা নাই সেয়ে তেওঁলোকৰ কি হ’ব বুলি প্ৰশ্ন কৰিছিল৷

আজি সংবাদ মেলত বিজেপি দলৰ মুখপত্ৰ পাটোৱাৰীয়ে কয় যে সংবিধানত ভীমৰাও আম্বেদকাৰে দেশৰ সম সংহিতাৰ কথা কৈছিল যদিও মিঞাক তুষ্টিকৰণৰ বাবে জৱাহলাল নেহেৰুৱে তাক গ্ৰহণ নকৰিলে৷ একেদৰে ৰাজীৱ গান্ধীয়েও সুবিধা লাভ কৰিও সংখ্যালঘুলোকৰ ভোটৰ আশাত সেয়া নকৰিলে৷। এতিয়া বিজেপি শাসিত চাৰিখন ৰাজ্যত ইউ চি চি বলবৎ হোৱাত নাৰীৰ স্বাধীনতা মৰ্যাদা ৰক্ষা পৰিব৷ বাল্য বিবাহ, বহু বিবাহ সকলো বন্ধ হ’ব৷

অৱশ্যে সমগ্ৰ দেশত বিজেপি চৰকাৰে কিয় ইউ চি চি প্ৰয়োগ কৰা নাই জানিব বিছৰাত তেওঁ বিষয়টো এৰাই চলে৷

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande