বৰপেটাৰ বাঘবৰত ম'ৰেল পুলিছিঙৰ ঘটনা
বৰপেটা, ০৩ জুন (হি.স.)। বৰপেটাৰ বাঘবৰত ম''ৰেল পুলিছিঙৰ ঘটনা। পাৰ চৰাই চুৰিক লৈ ম''ৰেল পুলিচিং | বালাজান চৰৰ হামেদ আলীৰ ঘৰৰ পৰা পাৰ চৰাই চুৰি কৰিছিল। সেউৰাৰভিটা গাওঁ প্ৰধান ওমৰ উদ্দিনৰ ঘৰৰ সমীপৰ পাৰঘাটত সংঘটিত হৈছে এই ম''ৰেল পুলিছিঙৰ ঘটনা ।
বৰপেটাৰ বাঘবৰত ম'ৰেল পুলিছিঙৰ ঘটনা


বৰপেটা, ০৩ জুন (হি.স.)। বৰপেটাৰ বাঘবৰত ম'ৰেল পুলিছিঙৰ ঘটনা।

পাৰ চৰাই চুৰিক লৈ ম'ৰেল পুলিচিং |

বালাজান চৰৰ হামেদ আলীৰ ঘৰৰ পৰা পাৰ চৰাই চুৰি কৰিছিল।

সেউৰাৰভিটা গাওঁ প্ৰধান ওমৰ উদ্দিনৰ ঘৰৰ সমীপৰ পাৰঘাটত সংঘটিত হৈছে এই ম'ৰেল পুলিছিঙৰ ঘটনা ।

জানিব পৰা মতে, বাঘবৰ আৰক্ষী থানাৰ অন্তৰ্গত বালাজান চৰত পাৰ চৰাই চুৰিৰ অভিযোগত দুজন কিশোৰক খুঁটিত বান্ধি গুৰুলা গুৰুলকৈ নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ লগতে খুৰাই দিয়া হয় মুৰৰ চুলি।

ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে খুঁটিত বান্ধি গুৰুলা গুৰুলকৈ নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ ভিডিঅ'।

অৱশেষত পৰিয়ালৰ লোকে আহি উদ্ধাৰ কৰি ঘৰলৈ লৈ যায় কিশোৰ দুজনক ।

মৰাভাজ গাঁৱৰ গাওঁৰক্ষী বাহিনীৰ সদস্যৰ সন্মুখতেই চলা এই ম'ৰেল পুলিছিঙৰ ঘটনাক লৈ বাঘবৰত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰীয়াৰ ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande