সৰভোগৰ বৰনগৰ মহাবিদ্যালয়ত কম্পিউটাৰ লেব' আৰু দক্ষতা বিকাশ কেন্দ্ৰ উদ্বোধন অসম বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসৰ
বৰপেটা, ০৩ জুন (হি.স.)। বৰপেটাৰ সৰভোগৰ বৰনগৰ মহাবিদ্যালয়ত কলা আৰু বিজ্ঞান শাখাৰ পিচত বাণিজ্য শাখা মুকলিৰ পদক্ষেপ অসম বিধানসভাৰ অধ্যক্ষ তথা ভৱানীপুৰ সৰভোগ বিধানসভা সমষ্টিৰ স্থানীয় বিধায়ক ৰণজিৎ কুমাৰ দাসৰ | আজি মহাবিদ্যালয়খনত এটা কম্পিউটাৰ লেব''
সৰভোগৰ বৰনগৰ মহাবিদ্যালয়ত কম্পিউটাৰ লেব' আৰু দক্ষতা বিকাশ কেন্দ্ৰ উদ্বোধন অসম বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসৰ


বৰপেটা, ০৩ জুন (হি.স.)। বৰপেটাৰ সৰভোগৰ বৰনগৰ মহাবিদ্যালয়ত কলা আৰু বিজ্ঞান শাখাৰ পিচত বাণিজ্য শাখা মুকলিৰ পদক্ষেপ অসম বিধানসভাৰ অধ্যক্ষ তথা ভৱানীপুৰ সৰভোগ বিধানসভা সমষ্টিৰ স্থানীয় বিধায়ক ৰণজিৎ কুমাৰ দাসৰ |

আজি মহাবিদ্যালয়খনত এটা কম্পিউটাৰ লেব' আৰু দক্ষতা বিকাশ কেন্দ্ৰ উদ্বোধন কৰি বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসে বৰনগৰ মহাবিদ্যালয়ত বাণিজ্য শাখা মুকলি কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহন কৰিব বুলি মন্তব্য কৰে ।

বিধানসভাৰ অধ্যক্ষগৰাকীয়ে মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী সকলৰ শ্ৰেণীকোঠাৰ সমস্যা সমাধানৰ লক্ষ্যৰে ২০ লক্ষ টকা ব্যয় সাপেক্ষে নতুনকৈ শ্ৰেণীকোঠা নিৰ্মাণৰ কথাও ঘোষণা কৰে |

ইপিনে অকল আন্তঃগাঠনিৰ উন্নয়নেই নহয়, মহাবিদ্যালয়খনৰ শৈক্ষিক পৰিবেশ উন্নয়ণৰ ক্ষেত্ৰতো বিশেষ পদক্ষেপ ৰণজিৎ কুমাৰ দাসৰ |

শিক্ষক, ছাত্ৰ আৰু অভিভাৱক তিনিওটা পক্ষৰ সহযোগিতাতহে মহাবিদ্যালয় এখনৰ সুস্থ শৈক্ষিক পৰিবেশ গঢ় লৈ উঠাৰ কথা প্ৰকাশ কৰি মহাবিদ্যালয়খনৰ শৈক্ষিক পৰিবেশ উন্নত কৰিবৰ বাবে শিক্ষক, ছাত্ৰ আৰু অভিভাৱক সকলক সামৰি এখন বিশেষ সভা অনুস্থিত কৰাৰ বাবেও অধ্যক্ষক পৰামৰ্শ ৰণজিৎ কুমাৰ দাসৰ |

বিধানসভাৰ অধ্যক্ষ গৰাকীয়ে আজি বৰনগৰ মহাবিদ্যালয়ত উপস্থিত হোৱাৰ পিচতে মহ৩বিদ্যালয় কতৃপক্ষ, ছীত্ৰ একতা সভাকে ধৰি বিভিন্ন অনুস্থানে সম্বৰ্ধনা জনায় |

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande