
মৰিগাঁও, ০৩ জুন (হি.স.)। তিৱা স্বায়ত্ব পৰিষদ অসমৰ বিশেষ সামগ্ৰী বিতৰণ কাৰ্যসূচী ৰূপায়ণ। মৰিগাঁওস্থিত তিৱা স্বায়ত্ব পৰিষদ অসমৰ কাৰ্যালয়ৰ প্ৰাংগণত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ আবণ্টিত পুঁজিৰে ক্ৰয় কৰা একাধিক সামগ্ৰী পৰিষদীয় এলেকাৰ হিতাধিকাৰীৰ মাজত আনুষ্ঠানিক ভাৱে বিতৰণ কৰা পৰিলক্ষিত হয়।
বিশেষকৈ তিৱা সায়ত্ব পৰিষদৰ উপাধ্যক্ষ অংকুৰ দেউৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বিশেষ সামগ্ৰী বিতৰণ সভাখনত মুখ্য অতিথি হিচাপে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰৰ লগতে আটাইকেইগৰাকী কাৰ্যবাহী সদস্য-সদস্যা আৰু সাধাৰণ সদস্য-সদস্যা উপস্থিত থকা দেখিবলৈ পোৱা যায়। কাৰ্যবাহী সদস্য খগেন চন্দ্ৰ বৰদলৈয়ে আঁত ধৰা সভাখনৰ আদৰণি ভাষণ আগবঢ়াই পৰিষদখনৰ প্ৰধান সচিব অৰ্পা বাগলাৰীয়ে। মুখ্য অতিথিৰ ভাষণ প্ৰসংগত মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে উপস্থিত ৰাইজক উদ্দেশ্যি কয় যে পৰিষদখনলৈ আৱণ্টিত পুঁজিৰ ভিতৰত ৰাজ্য চৰকাৰৰ নীতি-নিৰ্দেশনা অনুসৰি মূল পুঁজিৰ ২০ শতাংশ ধনেৰে ক্ৰয় কৰা ক্ৰীড়া ,কৃষি, হস্ততাঁত বস্ত্ৰ শিল্প, জনস্বাস্থ্য কাৰিকৰী বিভাগ, স্বাস্থ্য আৰু পৰিয়াল পৰিকল্পনা, পৰিবহণ, ক্ষূদ্ৰ উদ্যোগ, সমাজকল্যাণ আৰু সহযোগী বিভাগৰ অধীনত দমকল, চাইকেল, চিলাই মেচিন, আঠুৱা,তিৰপাল, পাম্পচেট, থাইলেণ্ড সূতা, সৰু সূতা, ফুটবল আৰু স্পেয়াৰ মেচিন ইত্যাদি বিতৰণ কৰে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু