
গুৱাহাটী, ০৩ জুন (হি.স.)। শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ নেতা অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈৰ দেহাৱসান ঘটিছে । গুৱাহাটীত দেহাৱসান ঘটে অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈৰ । দীৰ্ঘদিনে অসুস্থ হৈ আছিল প্ৰিয়দা গগৈ আৰু আজি পুৱা ৬.২০ বজাত ইহ সংসাৰৰ পৰা বিদায় মাগে প্ৰিয়দা গগৈয়ে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৬ বছৰ।
ইফালে মাতৃৰ নশ্বৰ দেহ লৈ অখিল গগৈকে ধৰি তেওঁৰ পৰিয়ালৰ আন লোকসকল ইতিমধ্যে মৰিয়নিৰ চেলেংহাটলৈ বুলি ৰাওনা হৈছে। চেলেংহাটতে সম্পন্ন কৰা হ'ব অখিল গগৈৰ মাতৃৰ শেষকৃত্য। এই খবৰটো পোৱাৰ পিছতেই ৰাজ্যৰ বিভিন্ন দল সংগঠন তথা ব্যক্তিসকলে গভীৰ শোক প্ৰকাশ কৰে । অসমৰ মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাইও অখিল গগৈৰ মাতৃৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰে। সামাজিক মাধ্যমত এক শোকবাৰ্তাত মুখ্যমন্ত্ৰী ড. শৰ্মাই কয় যে, ''মাননীয় বিধায়ক শ্রীঅখিল গগৈ ডাঙৰীয়াৰ শ্ৰদ্ধাৰ মাতৃ প্রিয়দা গগৈ ডাঙৰীয়ানীৰ প্ৰয়াণৰ খবৰ শুনি মর্মাহত হ'লোঁ । এগৰাকী সমাজহিতৈষী, ধৰ্মপ্ৰাণ আৰু দয়ালু নাৰী হিচাপে প্ৰিয়দা গগৈ ডাঙৰীয়ানীয়ে সমাজত এক অনন্য স্থান অধিকাৰ কৰি আছিল । মাতৃৰ বিয়োগৰ এই অসহনীয় বেদনা কোনো শব্দৰেই পূৰণ কৰিব নোৱাৰি। তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি ঈশ্বৰৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ । তেখেতৰ শোকসন্তপ্ত পুত্র শ্রীঅখিল গগৈ ডাঙৰীয়াকে ধৰি সমগ্ৰ পৰিয়ালবৰ্গ, আত্মীয়-স্বজন আৰু গুণমুগ্ধসকললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ । ওঁম শান্তি।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী