মাৰ্ঘেৰিটা সম-জিলাৰ বিভিন্ন অঞ্চলত বিদ্যুৎ চুৰিৰ বিৰুদ্ধে অভিযান
তিনিচুকীয়া, ০৩ জুন (হি.স.)। অসম শক্তি বিতৰণ কোম্পানী লিমিটেড মাৰ্ঘেৰিটা বৈদ্যুতিন উপ সংমণ্ডল অভিযন্তাৰ কাৰ্যালয়ে মাৰ্ঘেৰিটা সম-জিলাৰ বিভিন্ন অঞ্চলত বিদ্যুৎ চুৰিৰ বিৰুদ্ধে অভিযান চলাইছে। আজি অসম শক্তি বিতৰণ কোম্পানী লিমিটেড মাৰ্ঘেৰিটা বৈদ্যুতিন উপ
মাৰ্ঘেৰিটা সম-জিলাৰ বিভিন্ন অঞ্চলত বিদ্যুৎ চুৰিৰ বিৰুদ্ধে অভিযান


তিনিচুকীয়া, ০৩ জুন (হি.স.)। অসম শক্তি বিতৰণ কোম্পানী লিমিটেড মাৰ্ঘেৰিটা বৈদ্যুতিন উপ সংমণ্ডল অভিযন্তাৰ কাৰ্যালয়ে মাৰ্ঘেৰিটা সম-জিলাৰ বিভিন্ন অঞ্চলত বিদ্যুৎ চুৰিৰ বিৰুদ্ধে অভিযান চলাইছে।

আজি অসম শক্তি বিতৰণ কোম্পানী লিমিটেড মাৰ্ঘেৰিটা বৈদ্যুতিন উপ সংমণ্ডল অভিযন্তাৰ কাৰ্যালয়ৰ বিষয়াই মাৰ্ঘেৰিটা সমজিলাৰ বিভিন্ন অঞ্চলত বিদ্যুৎ চুৰি আৰু মিটাৰ বাইপাছৰ বিৰুদ্ধে অভিযান চলাইছে।

অসম শক্তি বিতৰণ কোম্পানী লিমিটেড মাৰ্ঘেৰিটাৰ এফ এম ই বিষয়াই মূল বিদ্যুৎ লাইনৰ পৰা অবৈধভাৱে বিদ্যুৎ চুৰি কৰি থকা ১০ টাতকৈ অধিক ঘৰত অভিযান চলাই।

চিলিং ফেন, ইণ্ডাকচন চুলা, তাঁৰ আৰু পাম্প মটৰ জব্দ কৰি মাৰ্ঘেৰিটাৰ এপিডিচিএল অনা হৈছে।

এপিডিচিএল মাৰ্ঘেৰিটাৰ বিষয়া জনাই যে যে এয়া অসম বিদ্যুৎ আইন ২০০৩ অনুসৰি এটা বৃহৎ অপৰাধ আৰু আইন উলংঘন কৰা সকলোকে জৰিমনা দিব লাগিব নাইবা আইন অনুসৰি জেল হাজোলৈ যাব লাগিব।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande