অবৈধ সুৰাৰ বিৰুদ্ধে আমগুৰি আৰক্ষীৰ তীব্ৰ অভিযান
এক্সন মুডত আমগুৰি আৰক্ষী।
অবৈধ সুৰাৰ বিৰুদ্ধে আমগুৰি আৰক্ষীৰ তীব্ৰ অভিযান


শিৱসাগৰ, ০৩ জুন (হি.স.): শিৱসাগৰ জিলাৰ আমগুৰি আৰক্ষীয়ে আমগুৰি নগৰৰ লগতে দাতিকাষৰীয়া অঞ্চল সমূহত যোৱা কালি মঙলবাৰে সন্ধিয়া অবৈধ সুৰাৰ দোকানত চলায় তীব্ৰ অভিযান । আমগুৰি নগৰত কাঠফুলাৰ দৰে বৃদ্ধি পোৱা অবৈধ সুৰাৰৰ দোকানত অতৰ্কিতে অভিযান চলাই আমগুৰি আৰক্ষীয়ে।

নগৰৰ মাজমজিয়াৰ বিভিন্ন স্থানৰ লগতে চামগুৰি, দেওৰজা অঞ্চলত চলোৱা অভিযানত কেইবা হাজাৰৰো বিলাতী সুৰাৰ লগতে মাৰাত্মক চুলাই নষ্ট কৰে । উল্লেখ্য যে আমগুৰি নগৰৰ পৰা আবকাৰী বিভাগটো উঠাই নিয়াৰ পিছত আমগুৰিত অবৈধ দোকানৰ সংখ্যা বৃদ্ধি হৈ আহিছিল ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande