
তিনিচুকীয়া, ০৩ জুন (হি.স.)। তিনিচুকীয়া জিলাৰ ডুমডুমা বন সংমণ্ডলৰ ফিল’বাৰী সংৰক্ষিত বনাঞ্চলত ৫ হাজাৰ গছপুলি ৰোপণ কৰা হয় ৷ বনাঞ্চল খনত মুঠ ৭,৫০০ গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে ৷
অহা ৫ জুনত পালন হ’ব লগা বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি ৰাজ্য চৰকাৰে জাৰি কৰা নিৰ্দেশ মৰ্মে বৃক্ষৰোপন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। উল্লেখ্য় যে ডুমডুমা বন সংমণ্ডলৰ অধীনৰ ডুমডুমা বনাঞ্চলিক কাৰ্যালয়ে ডুমডুমা মহাবিদ্যালয়ৰ এন চি চি শিক্ষাৰ্থী, সেনা বাহিনী আৰু স্থানীয় ৰাইজৰ সহযোগত ফিল’বাৰী সংৰক্ষিত বনাঞ্চলত প্ৰতিকূল বতৰকো নেওচি ৫ হাজাৰ গছপুলি ৰোপণ কৰি বিশ্বৰ পৰিৱেশ দিৱসৰ শুভাৰম্ভ কৰে ৷ বনাঞ্চল খনত অহা ১৭ ছেপ্টেম্বৰলৈকে চলিব এই বৃক্ষৰোপন কাৰ্যসূচী ৷
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু