
ৱাশ্বিংটন, ২৯ জুন (হি.স.)। আমেৰিকাৰ নিউজ ৱেবছাইট এক্সিয়াছে আমেৰিকাৰ এজন জ্যেষ্ঠ বিষয়াৰ উদ্ধৃতিৰে দাবী কৰিছে যে আমেৰিকা আৰু ইৰাণে ইজনে সিজনৰ ওপৰত আক্ৰমণ বন্ধ কৰিবলৈ সন্মত হৈছে। এক্সিয়াছে কয় যে মঙলবাৰে কাটাৰৰ ৰাজধানী ডোহাত দুয়োপক্ষৰ বৈঠকত মিলিত হৈ তেল যোগানৰ বাবে অতি গুৰুত্বপূৰ্ণ পথ হৰমুজ জলদ্বীপক লৈ তেওঁলোকৰ বিবাদ আৰু মতানৈক্য সমাধানৰ বিষয়ে আলোচনা হোৱাৰ সম্ভাৱনা আছে।
এক্সিয়াছৰ প্ৰতিবেদন অনুসৰি বিষয়াগৰাকীয়ে কয় যে বৰ্তমান দুয়োপক্ষই মঙলবাৰে কাটাৰৰ ৰাজধানী ডোহাত বৈঠকত মিলিত হৈ হৰমুজ জলদ্বীপক লৈ হোৱা বিবাদ সমাধানৰ পৰিকল্পনা কৰিছে। ডোহাৰ আলোচনাত আমেৰিকাৰ কাৰিকৰী দলৰ মুৰব্বী নিক ষ্টুৱেৰ্টে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে ।
বিষয়াগৰাকীয়ে কয় যে আমি সকলো সামৰিক ব্যৱস্থা বন্ধ কৰাৰ সিদ্ধান্ত লৈছো । আমেৰিকাৰ দ্বিতীয়জন বিষয়াই কয় যে কাৰিকৰী আলোচনা অব্যাহত থকাৰ লগে লগে দুয়োপক্ষই “এতিয়াৰ বাবে” পিছুৱাই যাব আৰু “জাহাজসমূহে মুক্তভাৱে চলাচল কৰিব পাৰিব”। আমেৰিকাৰ দুয়োজন বিষয়া আৰু বিষয়টোৰ সৈতে পৰিচিত তৃতীয় সূত্ৰই মঙলবাৰৰ বৈঠক নিশ্চিত কৰে।
ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচী সন্দৰ্ভত আলোচনাৰ বাবে প্ৰথমে ছুইজাৰলেণ্ডত এই বৈঠক অনুষ্ঠিত কৰাৰ পৰিকল্পনা আছিল যদিও শেহতীয়াকৈ সংঘটিত হোৱা সামৰিক সংঘৰ্ষৰ পিছত ইয়াৰ স্থান কাটাৰৰ ৰাজধানী ডোহালৈ স্থানান্তৰিত কৰা হয়। এতিয়া বৈঠকৰ কাৰ্যসূচী সংকুচিত কৰি কেৱল হৰমুজ জলদ্বীপৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। এই প্ৰস্তাৱিত আলোচনা সন্দৰ্ভত এতিয়াও আনুষ্ঠানিকভাৱে কোনো মন্তব্য কৰা নাই হোৱাইট হাউছে।
উল্লেখযোগ্য যে দুয়োখন দেশৰ চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত হৰমুজ জলদ্বীপ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হিচাপে আত্মপ্ৰকাশ কৰিছে। ইৰাণে হৰমুজ জলদ্বীপৰ মাজেৰে বাণিজ্যিক জাহাজসমূহৰ নিৰাপদ যাতায়তৰ সুবিধাৰ বাবে সকলো প্ৰচেষ্টা চলাব বুলি প্ৰতিশ্ৰুতি দিছিল। বিনিময়ত আমেৰিকাই ইৰাণৰ বন্দৰত অৱৰোধ উঠাই লয়। যোৱা সপ্তাহত ছুইজাৰলেণ্ডত হোৱা আলোচনাৰ সময়ত দুয়োপক্ষই হটলাইন স্থাপনৰ বাবেও সন্মতি প্ৰকাশ কৰিছিল ।
আৰব নিউজৰ মতে, ইৰাণৰ উচ্চতম নেতা মোজতাবা খামেনেইৰ প্ৰকাশন কাৰ্যালয়ৰ সদস্য মেহদি ফাজাইলীয়ে দেওবাৰে ৰাজ্যিক টিভিৰ আগত কয় যে দেওবাৰে অনুষ্ঠিত হ’বলগীয়া কাৰিকৰী আলোচনাত ইৰাণে অংশগ্ৰহণ কৰা নাছিল কাৰণ দেশখনৰ ওপৰত হোৱা আক্ৰমণ আৰু আমেৰিকাৰ সৈতে হোৱা চুক্তিৰ চৰ্তসমূহ পূৰণ নকৰাৰ বাবেই ইৰাণে কাৰিকৰী আলোচনাত অংশগ্ৰহণ কৰা নাছিল।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ