
মস্কো/কিয়েভ, ২৯ জুন (হি.স.)। ইউক্ৰেইনে ৰাছিয়াৰ বিৰুদ্ধে আক্ৰমণাত্মক ড্ৰোন আক্ৰমণ সংঘটিত কৰে । ইউক্ৰেইনৰ ড্ৰ’ন আক্ৰমণৰ ফলত ৰাছিয়াৰ এটা তেল শোধনাগাৰত জুই জ্বলি উঠে। আক্ৰমণৰ ঘণ্টাৰ পিছত দেওবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে নিৰাপত্তা শক্তিশালী কৰাৰ লগতে প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।
দ্য মস্কো টাইমছ আৰু টাছত প্ৰকাশিত বাতৰি অনুসৰি কিয়েভে এই আক্ৰমণসমূহক ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত যুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা ইউক্ৰেইনৰ সাধাৰণ নাগৰিক আৰু শক্তি আন্তঃগাঁথনিৰ ওপৰত ৰাছিয়াই প্ৰায় দৈনিক আক্ৰমণ চলোৱাৰ ন্যায্য প্ৰতিশোধ হিচাপে লয়।
সংযুক্ত ৰাছিয়া দলৰ কংগ্ৰেছত পুটিনে কয় যে, হয়, আমি সমস্যা দেখিবলৈ পাইছো। আমি সেইবোৰৰ বিষয়ে সচেতন আৰু আমি ইয়াৰ প্ৰতি সঁহাৰি জনাইছো। আমি নিশ্চিতভাৱে দেশখনৰ আৰু আমাৰ নাগৰিকসকলৰ নিৰাপত্তা নিশ্চিত কৰিম, লগতে ৰাছিয়াৰ সীমান্তৰ অখণ্ডতাও নিশ্চিত কৰিম।
ইউক্ৰেইনৰ ড্ৰ’ন আক্ৰমণৰ কেইঘণ্টামান পিছতে পুটিনৰ ভাষণ। আঞ্চলিক গৱৰ্ণৰ ভেনিয়ামিন কণ্ড্ৰাটিয়েভে কয় যে এই আক্ৰমণত এজন লোকৰ মৃত্যু হোৱাৰ লগতে ৰাছিয়াৰ দক্ষিণ ক্ৰাছনোডাৰ অঞ্চলত এটা শোধনাগাৰত জুই জ্বলি উঠে। কিয়েভে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰে আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে ইয়াক “ৰাছিয়াৰ যুদ্ধৰ ক্ষমতাক ক্ষতিগ্ৰস্ত কৰা অভিযানৰ অংশ” বুলি অভিহিত কৰে।
দেওবাৰে এক্সত জেলেনস্কিয়ে কয় যে, ক্ৰাছনোডাৰ অঞ্চলৰ স্লাভিয়ানস্ক তেল শোধনাগাৰত আক্ৰমণ কৰা হৈছিল। এই স্থান ফ্ৰণ্টলাইনৰ পৰা প্ৰায় ৩০০ কিলোমিটাৰ দূৰত। আমি আমাৰ সীমান্তৰ পৰা প্ৰায় ৭০০ কিলোমিটাৰ দূৰত ইয়াৰোস্লাভল অঞ্চলৰ এটা শোধনাগাৰকো লক্ষ্য কৰি লৈছিলো। যোৱা সপ্তাহত ইউক্ৰেইনৰ আক্ৰমণত মস্কোৰ দক্ষিণ-পূব দিশৰ এটা শোধনাগাৰত ব্যাপক অগ্নিকাণ্ড সংঘটিত হৈছিল আৰু ৰাজধানীৰ বাহিৰৰ অঞ্চলটো আৱৰি ধৰিছিল।
উপদ্বীপটোত ইউক্ৰেইনৰ বৃদ্ধি পোৱা বিমান আক্ৰমণৰ প্ৰভাৱ কমোৱাৰ বাবে শুকুৰবাৰে ৰাছিয়া দখল কৰা ক্ৰিমিয়াই “জৰুৰীকালীন অৱস্থা” ঘোষণা কৰে।
ইন্ধনৰ নাটনি আৰু বিদ্যুৎ বিচ্ছিন্নতাৰ সৈতে যুঁজিছে অঞ্চলটো। ইউক্ৰেইনৰ আগ্ৰাসনৰ বাবেই এই পৰিস্থিতিৰ সৃষ্টি হৈছিল। ২০১৪ চনত ৰাছিয়াই ক্ৰিমিয়াক নিজৰ অধীনলৈ আনে।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ