শিৱসাগৰ জিলাত ড্ৰাগছসহ এজনক আটক
শিৱসাগৰ জিলাত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত।
শিৱসাগৰ জিলাত ড্ৰাগছসহ এজনক আটক


শিৱসাগৰ, ২৯ জুন (হি.স.): শিৱসাগৰ জিলাত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে । যোৱা কালি দেওবাৰে সন্ধিয়া পুনৰ আৰক্ষীৰ জালত পৰিল ড্ৰাগছসহ এজন যুৱক । শিৱসাগৰ জিলাৰ ডিমৌ ৰজাবাৰীৰ পৰা শিৱসাগৰ নগৰ অভিমুখে আহি থকা অৱস্থাত যুৱকজনক আটক কৰে শিৱসাগৰ আৰক্ষীয়ে । আৰক্ষীৰ জালত পৰা যুৱকজন শিৱসাগৰ জিলাৰ পলসনিৰ তাপছ সৰকাৰ বুলি চিনাক্ত কৰা হৈছে ।

আৰক্ষীয়ে যুৱকজনৰ পৰা ৯.২৭ গ্ৰাম ড্ৰাগছ জব্দ কৰে । শেহতীয়াকৈ শিৱসাগৰ শিৱসাগৰ আৰক্ষীয়ে জিলাখনত ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে যদিও এই ড্ৰাগছ ব্যৱসায়ী চক্ৰটোক নিয়ন্ত্ৰণ কৰিব পৰা নাই । শিৱসাগৰ জিলাত এটাৰ পাছত আনটো ড্ৰাগছ সৰবৰাহকাৰী আৰক্ষীৰ জালত পৰাৰ পাছতো ড্ৰাগছ সৰবৰাহৰ ঘটনা অব্য়াহত আছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande