নেপালত জেন জি চৰকাৰ গঠন হোৱাৰ পাছতো বন্ধ হোৱা নাই নিবনুৱা লোকৰ বিদেশলৈ প্ৰব্ৰজন
- এতিয়াও কৰ্মসংস্থাপনৰ সন্ধানত বহিঃৰাজ্যলৈ যাবলৈ বাধ্য হৈছে হাজাৰ হাজাৰ যুৱক কাঠমাণ্ডু, ২৯ জুন (হি.স.)। নেপালত জেন জি আন্দোলনৰ পিছত প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহৰ নেতৃত্বত নতুন চৰকাৰ গঠন হোৱাৰ পাছতো কৰ্মসংস্থাপনৰ বাবে বিদেশলৈ নেপালী যুৱক-যুৱতীৰ
त्रिभुवन अंतर्राष्ट्रीय हवाईअड्डे पर विदेश जाते युवाओं की भीड़


- এতিয়াও কৰ্মসংস্থাপনৰ সন্ধানত বহিঃৰাজ্যলৈ যাবলৈ বাধ্য হৈছে হাজাৰ হাজাৰ যুৱক

কাঠমাণ্ডু, ২৯ জুন (হি.স.)। নেপালত জেন জি আন্দোলনৰ পিছত প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহৰ নেতৃত্বত নতুন চৰকাৰ গঠন হোৱাৰ পাছতো কৰ্মসংস্থাপনৰ বাবে বিদেশলৈ নেপালী যুৱক-যুৱতীৰ প্ৰব্ৰজন অবিৰত হৈ আছে। প্ৰতিদিনে সন্ধিয়া কাঠমাণ্ডুৰ ত্ৰিভুৱন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত হাজাৰ হাজাৰ নেপালী যুৱকে উন্নত কৰ্মসংস্থাপনৰ সন্ধানত বিশ্বৰ বিভিন্ন দেশলৈ যাত্ৰা কৰিবলৈ সাজু হোৱা দেখা যায়। এই যুৱক-যুৱতীসকলৰ বহুতৰে লগত পৰিয়ালৰ সদস্যই তেওঁলোকক আৱেগিক বিদায় দিয়ে, যিয়ে দেশৰ জীৱিকাৰ ধাৰাবাহিক প্ৰত্যাহ্বানক প্ৰতিফলিত কৰে।

বৰ্তমানৰ চৰকাৰ ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টিয়ে নিৰ্বাচনী প্ৰচাৰৰ সময়ত নেপালৰ ভিতৰত কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰাৰ লগতে বহিঃৰাজ্যলৈ যুৱক-যুৱতীসকলৰ প্ৰব্ৰজন বন্ধ কৰাৰ প্ৰতিশ্ৰুতি দিছিল। বৰ্ধিত প্ৰব্ৰজনৰ বাবে পূৰ্বৰ চৰকাৰসমূহক দোষাৰোপ কৰে দলটোৱে। ইয়াৰ পিছতো বহু উদ্যোগে এতিয়াও সংগ্ৰাম কৰি আছে, আৰু সীমিত নিয়োগৰ সুযোগক লৈ উদ্বেগ অব্যাহত আছে। প্ৰতিদিনে হাজাৰ হাজাৰ নেপালী যুৱকে উন্নত আয় আৰু অৰ্থনৈতিক নিৰাপত্তাৰ সন্ধানত ভাৰত, মালয়েছিয়া, ছিংগাপুৰ, উপসাগৰীয় দেশ, ইউৰোপ, আমেৰিকাৰ দৰে গন্তব্যস্থানলৈ দেশ এৰি গৈছে।

বিদেশলৈ যোৱা বহু যুৱকে হতাশা প্ৰকাশ কৰি কয় যে চৰকাৰ সলনি হোৱাৰ পিছত নেপালত কাম বিচাৰি পোৱাৰ আশা পূৰণ নহ’ল। বিমানবন্দৰৰ দৃশ্যই ব্যক্তিগত সপোন আৰু আকাংক্ষাকে প্ৰতিফলিত কৰাই নহয়, দেশৰ যুৱ কৰ্মশক্তি ধৰি ৰখাৰ উল্লেখযোগ্য প্ৰত্যাহ্বানকো উজ্জ্বল কৰি তুলিছে। চলি থকা প্ৰব্ৰজনে নেপালৰ দীৰ্ঘদিনীয়া কৰ্মসংস্থাপন আৰু অৰ্থনৈতিক প্ৰত্যাহ্বান আৰু অধিক ভয়াৱহ কৰি তুলিছে। দেশৰ ৰাজনৈতিক নেতৃত্বৰ পৰিৱৰ্তন হ’লেও শ্ৰমিক প্ৰব্ৰজনৰ পৰিস্থিতি বহুলাংশে অপৰিৱৰ্তিত হৈ আছে।

শ্ৰম আৰু নিয়োগ মন্ত্ৰী ৰামজী যাদৱে যুৱ প্ৰব্ৰজন বন্ধ কৰাৰ বাবে চৰকাৰে যৎপৰোনাস্তি চেষ্টা চলাইছে বুলি উল্লেখ কৰে। চৰকাৰে নতুন কৰ্মসংস্থাপন আৰু কৰ্মৰ সুযোগ প্ৰদানৰ বাবে দিনে নিশাই কাম কৰি আছে বুলি দাবী কৰি তেওঁ কয় যে অনাগত দিনত যুৱক-যুৱতীসকলৰ প্ৰব্ৰজন হ্ৰাস পোৱাৰ সম্ভাৱনা আছে।

-----------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande