
তেহৰাণ, ২৯ জুন (হি.স.)। ইৰাণ আৰু ওমানে হৰমুজ জলদ্বীপ আৰু ইয়াৰ ভৱিষ্যত পৰিচালনাৰ সৈতে জড়িত সাম্প্ৰতিক বিষয়সমূহৰ ওপৰত আলোচনা কৰিবলৈ স্থাপিত যুটীয়া সমিতিৰ প্ৰথমখন বৈঠক অনুষ্ঠিত কৰে । ইৰাণৰ আইন আৰু আন্তঃৰাষ্ট্ৰীয় পৰিক্ৰমা বিভাগৰ উপ-বিদেশ মন্ত্ৰী কাজেম ঘৰীবাবাদীয়ে সোমবাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত এই কথা ঘোষণা কৰে।
মাস্কাটত অনুষ্ঠিত এই বৈঠকত ওমানৰ বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী আব্দুল আজিজ আল হিনাই আৰু দুয়োখন দেশৰ উচ্চপদস্থ বিষয়াই অংশগ্ৰহণ কৰে। বৈঠকৰ সময়ত হৰমুজ জলদ্বীপৰ সাম্প্ৰতিক পৰিস্থিতিৰ পৰ্যালোচনা কৰা হয় আৰু ইছলামবাদ বুজাবুজিৰ ৫ নং অনুচ্ছেদৰ অধীনত উপকূলীয় দেশসমূহৰ ভৱিষ্যত পৰিচালনা, সামুদ্ৰিক শাসন, আৰু উপকূলীয় দেশসমূহৰ সাৰ্বভৌম অধিকাৰৰ ওপৰত বিশদ আলোচনা কৰা হয় ।
কাজেম ঘৰীবাবাদীয়ে কয় যে ৫ নং অনুচ্ছেদ অনুসৰি ইৰাণে বাণিজ্যিক জাহাজৰ নিৰাপদ আৰু বাধাহীন গতি নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা চলাব। ইয়াৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি জলপথৰ ভৱিষ্যত শাসন, সামুদ্ৰিক সেৱাৰ ব্যৱস্থাপনা, আৰু নিৰাপত্তাৰ ব্যৱস্থাৰ ক্ষেত্ৰত ওমানৰ সৈতে সমন্বয় স্থাপন কৰিব। তেওঁ কয় যে এই প্ৰক্ৰিয়াত উপসাগৰীয় অন্যান্য উপকূলীয় দেশসমূহৰ সৈতে প্ৰয়োজনীয় আলোচনা কৰা হ’ব।
তেওঁ জোৰ দি কয় যে হৰমুজ জলদ্বীপৰ ফলপ্ৰসূ আৰু নিৰাপদ ব্যৱস্থাপনাৰ বাবে ইৰাণৰ অংশগ্ৰহণ অতি প্ৰয়োজনীয়। তেওঁৰ মতে, যিকোনো দীৰ্ঘম্যাদী আৰু নিৰ্ভৰযোগ্য ব্যৱস্থা ইছলামবাদৰ বুজাবুজিৰ চুক্তি আৰু উপকূলীয় দেশসমূহৰ সাৰ্বভৌম অধিকাৰৰ ওপৰত ভিত্তি কৰি হ’ব লাগে।
ইয়াৰ এদিন পূৰ্বে ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচিয়েও উল্লেখ কৰিছিল যে হৰমুজ জলদ্বীপত শৃংখলা আৰু নিৰাপত্তা বজাই ৰখাৰ প্ৰধান দায়িত্ব ইৰাণৰ ওপৰত। তেওঁ তেহৰাণৰ পৰিকল্পনাত হস্তক্ষেপ নকৰিবলৈ আৰু পূৰ্বৰ চুক্তিসমূহক সন্মান কৰিবলৈ সংশ্লিষ্ট সকলো পক্ষক আবেদন জনায় ।
উল্লেখযোগ্য যে শেহতীয়াকৈ ইৰাণৰ সংসদৰ অধ্যক্ষ মহম্মদ বাঘেৰ গালিবাফৰ মাস্কাট ভ্ৰমণৰ পিছত এই যৌথ সমিতি গঠন কৰা হৈছিল । বৈঠকৰ পিছত দুয়োখন দেশে এক যৌথ বিবৃতি প্ৰকাশ কৰি হৰমুজ জলদ্বীপক আন্তঃৰাষ্ট্ৰীয় নৌ পৰিবহণৰ বাবে নিৰাপদ, মুকলি আৰু সুলভ হিচাপে ৰখাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰে। ভৱিষ্যতে জাহাজ, সামুদ্ৰিক সেৱা আৰু আনুষংগিক প্ৰশাসনিক ব্যৱস্থাৰ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতা আৰু সমন্বয় আৰু অধিক শক্তিশালী কৰাৰ বাবেও সন্মতি প্ৰকাশ কৰে।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ