
কাবুল, ২৯ জুন (হি.স./ৰিয়ো নোবোস্তি)। আফগানিস্তানৰ তালিবান চৰকাৰে দেওবাৰে নিশা পাকিস্তানে পাক্তিকা, পাকটিয়া, কুনাৰ প্ৰদেশত বিমান আক্ৰমণ চলোৱাত মহিলা আৰু শিশুকে ধৰি বহু সংখ্যক অসামৰিক লোকৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰিছে।
তালিবানৰ সৰ্বোচ্চ নেতাৰ মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে অভিযোগ কৰিছে যে ২৮ জুনৰ নিশা পাকিস্তান বায়ুসেনাই আফগানিস্তানৰ পাক্তিকা, পাকটিয়া, কুনাৰ প্ৰদেশত বিমান আক্ৰমণ চলাই মহিলা আৰু শিশুকে ধৰি অসংখ্য সাধাৰণ নাগৰিকৰ মৃত্যু আৰু আহত হয়।
সোমবাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত প্ৰকাশ কৰা এক বিবৃতিত মুজাহিদে কয় যে পাক্তিকাৰ গায়ন জিলা, পাক্তিয়াৰ সমকনি জিলা, কুনাৰৰ মনোগাই জিলাৰ অসামৰিক জনবসতিপূৰ্ণ অঞ্চলসমূহক লক্ষ্য কৰি লোৱা হৈছে। তেওঁ এই আক্ৰমণক কঠোৰভাৱে গৰিহণা দি ইয়াক “কাপুৰুষৰ আক্ৰমণাত্মকতা” বুলি অভিহিত কৰে।
তেওঁ লগতে দাবী কৰে যে ৮ জুনত পাকিস্তান বায়ুসেনাই কুনাৰ, খোষ্ট, আৰু পাক্তিকা প্ৰদেশৰ অসামৰিক লোকৰ ঘৰত বোমা বিস্ফোৰণ ঘটাই ১১ জন শিশুকে ধৰি ১৩ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৪ গৰাকী মহিলা আৰু শিশু আহত হয়।
ইফালে পাকিস্তানে এক সুকীয়া দাবী উত্থাপন কৰিছে। পাকিস্তানৰ তথ্য মন্ত্ৰী আট্টাউল্লাহ তাৰাৰে কয় যে নিৰাপত্তা বাহিনীয়ে পাকিস্তান-আফগানিস্তান সীমান্তত সুপৰিকল্পিত স্থল অভিযান আৰম্ভ কৰে, তাৰ পিছত সীমান্তৰ কাষৰীয়া সন্ত্ৰাসবাদী আত্মগোপন স্থানসমূহৰ বিৰুদ্ধে লক্ষ্য নিৰ্ধাৰণ কৰি আক্ৰমণ চলায়।
বৰ্তমান সীমা অতিক্ৰম কৰি নিৰাপত্তা অভিযান আৰু বিমান আক্ৰমণক লৈ আফগানিস্তান আৰু পাকিস্তানৰ মাজত উত্তেজনা তুংগত আছে ।---------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ