
কাৰাকাছ (ভেনিজুৱেলা), ২৮ জুন (হি.স.)। শেহতীয়াকৈ ভূতাত্ত্বিক দুৰ্যোগৰ সৈতে যুঁজি থকা ভেনিজুৱেলাত পুনৰ জোকাৰণি অনুভূত হৈছে। এইবাৰ ভূমিকম্পৰ গতি ৰিখটাৰ স্কেলত ৫.৬ আছিল । ইউৰোপীয়-ভূমধ্যসাগৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰই এক্স-পোষ্টত এই ভূমিকম্পৰ বাতৰি প্ৰকাশ কৰিছে। ই এম এছ চিৰ তথ্য অনুসৰি আৰাগুয়া উপকূলৰ সমীপৰ সাগৰৰ ৩০ কিলোমিটাৰ গভীৰতাত ৫.৬ ৰিখটাৰ স্কেলৰ ভূমিকম্পটো সংঘটিত হয় । ইতিমধ্যে ভূমিকম্পজনিত ভেনিজুৱেলাৰ লাখ লাখ লোক বিপদত পৰিছে।
নেচনেল এচেম্বলীৰ অধ্যক্ষ জৰ্জ ৰড্ৰিগেজে শনিবাৰে দেশৰ ভূমিকম্পগ্ৰস্ত উত্তৰ-মধ্য অঞ্চলৰ পৰিস্থিতিৰ শেহতীয়া সবিশেষ শ্বেয়াৰ কৰে। তেওঁ কয় যে ২৪ জুনত হোৱা ভূমিকম্পত আনুষ্ঠানিকভাৱে মৃত্যু হোৱা লোকৰ সংখ্যা ১৪৩০ লৈ বৃদ্ধি পাইছে আৰু ৩২৩৮জন লোক আহত হৈছে। ভেনিজুৱেলাৰ স্পেনিছ ভাষাৰ কাকত দ্য নেশ্যনেলৰ মতে, ৰড্ৰিগেজে দেশখনক ভাষণ দি কয় যে এই শোকাৱহ দুৰ্ঘটনাৰ ফলত ৩১৪২টা পৰিয়াল গৃহহীন হৈ পৰিছে আৰু ভূমিকম্পৰ ফলত ক্ষতিগ্ৰস্ত সাতখন ৰাজ্যত স্থাপন কৰা অস্থায়ী আশ্ৰয় শিবিৰত যত্ন লোৱা হৈছে। তেওঁ কয় যে আমি আমাৰ সহ নাগৰিকৰ ১৪৩০ জন লোকৰ মৃত্যুৰ খবৰ দিছো। এই ভেনিজুৱেলাবাসীসকলৰ পৰিয়াল আৰু আপোনজনৰ প্ৰতি আমি গভীৰ শোক প্ৰকাশ কৰিছো ।’
ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগেজেও ৰাজ্যিক টেলিভিছনত কয় যে অতি সোনকালে আৰু ১০খন দেশৰ উদ্ধাৰকাৰী দলে এই সাহায্য অভিযানত যোগদান কৰিব। তেওঁ লগতে কয় যে লা গুইৰাত নিৰাপত্তা আৰু অনাময়ৰ উদ্দেশ্যে ১৪ হাজাৰ সৈনিক আৰু আৰক্ষী বিষয়া নিয়োজিত কৰা হৈছে। ভূমিকম্পৰ কেন্দ্ৰবিন্দু মৰন আৰু লা গুয়াৰাৰ কিছু অংশত বিদ্যুৎ যোগান ব্যাহত হৈ আছে।
ভেনিজুৱেলাৰ উপকূলীয় চহৰ লা গুইৰাত কমেও ১০০টা আৱাসিক বহুমহলীয়া অট্টালিকা সম্পূৰ্ণৰূপে বা আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে। স্থানীয় লোক আৰু স্বেচ্ছাসেৱকসকলে কয় যে গধুৰ যন্ত্ৰৰ অভাৱ আৰু সাহায্যৰ কামৰ গতি লেহেমীয়া হোৱাৰ বাবে উদ্ধাৰ অভিযানত বাধাৰ সৃষ্টি হৈছে।
চৰকাৰে কয় যে শ শ লোক এতিয়াও সন্ধানহীন বা ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ থাকিব পাৰে। ইফালে বিৰোধীৰ এটা ৱেবছাইটত ৫৪ হাজাৰৰো অধিক লোক নিৰুদ্দেশ হোৱা বুলি দাবী কৰিছে।
আমেৰিকাৰ ভূতাত্ত্বিক জৰীপে অনুমান কৰিছে যে ৭.২ আৰু ৭.৫ মাত্ৰাৰ এই দুটা ভূমিকম্পৰ ফলত মৃত্যুৰ সংখ্যা ১০ হাজাৰতকৈ অধিক হ’ব পাৰে। যদি এনেকুৱা হয় তেন্তে ই হ’ব পাৰে লেটিন আমেৰিকাৰ এশ বছৰৰো অধিক সময়ৰ ভিতৰত হোৱা আটাইতকৈ মাৰাত্মক ভূমিকম্পৰ দুৰ্যোগ।
ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি এই দুৰ্যোগৰ ফলত প্ৰায় ৭০ লাখ লোক ক্ষতিগ্ৰস্ত হ’ব পাৰে। সংস্থাটোৱে প্ৰত্যক্ষ অৰ্থনৈতিক লোকচান প্ৰায় ৬.৭ বিলিয়ন ডলাৰ বুলি অনুমান কৰিছে। ভেনিজুৱেলা চৰকাৰে প্ৰকাশ কৰা অনুসৰি শনিবাৰলৈকে বিভিন্ন দেশৰ ১৬০০ উদ্ধাৰ কৰ্মী অনুসন্ধান আৰু উদ্ধাৰ অভিযানত যোগদান কৰিবলৈ আহিছিল। আমেৰিকাৰ পৰা সাহায্য সামগ্ৰী কঢ়িয়াই অনা প্ৰাথমিক চিকিৎসা বিমানসমূহ কাৰাকাছত উপস্থিত হৈছে।
--------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ