দ্বিতীয় দিনৰ বাবে ইৰাণত আমেৰিকাৰ বোমা বিস্ফোৰণ, বাহৰেইন আৰু কুৱেইটত বিমান আক্ৰমণৰ চাইৰেনৰ শব্দ
তেহৰাণ/ৱাশ্বিংটন/বেইৰুট, ২৮ জুন (হি.স.)। কেইদিনমানৰ নিস্তব্ধতাৰ পিছত আমেৰিকাই হৰমুজ জলদ্বীপৰ ওচৰৰ এখন বাণিজ্যিক জাহাজত ড্ৰ’ন আক্ৰমণৰ পিছত একেৰাহে দ্বিতীয় দিন ইৰাণত বোমা বিস্ফোৰণ কৰে। ছিৰিক, বান্দাৰ-ই-লেংহে, কেছম দ্বীপক লক্ষ্য কৰি লৈছিল আমেৰিকাই।
अरब सागर में 21 जून को विशालकाय परमाणु-संचालित विमानवाहक पोत  यूएसएस जॉर्ज एच.डब्ल्यू. बुश पर एक अमेरिकी नाविक निगरानी करता हुआ। फोटो - अमेरिकी नौसेना


তেহৰাণ/ৱাশ্বিংটন/বেইৰুট, ২৮ জুন (হি.স.)। কেইদিনমানৰ নিস্তব্ধতাৰ পিছত আমেৰিকাই হৰমুজ জলদ্বীপৰ ওচৰৰ এখন বাণিজ্যিক জাহাজত ড্ৰ’ন আক্ৰমণৰ পিছত একেৰাহে দ্বিতীয় দিন ইৰাণত বোমা বিস্ফোৰণ কৰে। ছিৰিক, বান্দাৰ-ই-লেংহে, কেছম দ্বীপক লক্ষ্য কৰি লৈছিল আমেৰিকাই। ইফালে বাহৰেইন আৰু কুৱেইটত বিমান আক্ৰমণৰ ছাইৰেন বাজিব ধৰিছে। কুৱেইটৰ সেনাই শত্ৰুৰ মিছাইল আৰু ড্ৰ’ন আক্ৰমণৰ প্ৰতি প্ৰত্যুত্তৰ জনাইছে বুলি উল্লেখ কৰিছে। ইফালে লেবাননত শান্তিৰ আশা বিধ্বস্থ হৈছে।

শত্ৰুতা শেষ কৰাৰ বাবে লেবানন চৰকাৰৰ সৈতে কাঠামোগত চুক্তি স্বাক্ষৰ কৰাৰ মাত্ৰ এদিন পিছতে ইজৰাইলে দক্ষিণ লেবাননত বোমা বিস্ফোৰণ কৰাত কমেও এজন লোকৰ মৃত্যু হয়। লেবাননৰ ৰাষ্ট্ৰপতি জোচেফ আউনে ইজৰাইলৰ উলংঘা বন্ধ কৰিবলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পক সহায় বিচাৰিছে। ইফালে ইৰাণ সমৰ্থিত সন্ত্ৰাসবাদী সংগঠন হিজবুল্লাই ইজৰাইলৰ সৈতে হোৱা চুক্তিক নাকচ কৰি ইয়াক “সাৰ্বভৌমত্ব আত্মসমৰ্পণ” বুলি অভিহিত কৰিছে।

চিএনএন, আল জাজীৰা, এবিচি নিউজ আৰু চিবিএছ নিউজৰ খবৰ অনুসৰি আমেৰিকাৰ সেনাই ইৰাণৰ ১০টা সামৰিক ঘাটিত আক্ৰমণ কৰা বুলি কয় । আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডে (ছেন্টকম) জনোৱা মতে, আমেৰিকাৰ যুদ্ধ বিমানে হৰমুজ জলদ্বীপ আৰু ইয়াৰ আশে-পাশে কেইবাটাও স্থানত আঘাত হানে। ছ’চিয়েল মিডিয়াত চেণ্টকমে এই আক্ৰমণৰ এটা ম্লান ভিডিঅ’ও শ্বেয়াৰ কৰে। ইৰাণৰ ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছে নিশ্চিত কৰিছে যে আমেৰিকাই শেহতীয়া ৰাউণ্ডৰ আক্ৰমণত দেশখনৰ ৫টা উপকূলীয় অঞ্চলত বোমা বিস্ফোৰণ ঘটাইছে ।

শত্ৰুৰ যিকোনো আগ্ৰাসন তীব্ৰ সঁহাৰিৰ সন্মুখীন হ’ব বুলি আই আৰ জি চিয়ে কয়। আই আৰ জি চিয়ে কয় যে আমেৰিকা আৰু ইৰাণৰ মাজত হোৱা অন্তৱৰ্তীকালীন চুক্তি অনুসৰি হৰমুজ জলদ্বীপত যাতায়তৰ ওপৰত তেহৰাণৰ নিয়ন্ত্ৰণ আছে, যিটো আমেৰিকাই উলংঘা কৰিছে। আৰু এতিয়াৰ পৰা নিয়ম উলংঘা কৰা জাহাজসমূহৰ সৈতে পূৰ্বতকৈ অধিক কঠোৰভাৱে মোকাবিলা কৰা হ’ব।

ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে ইৰাণে যুদ্ধবিৰতি উলংঘা কৰাৰ বাবেই এই আক্ৰমণ সংঘটিত কৰা হৈছে। তেওঁ কয় যে আমেৰিকাৰ বিমানে ইৰাণৰ ক্ষেপণাস্ত্ৰ আৰু ড্ৰ’ন সংৰক্ষণ স্থানৰ লগতে উপকূলীয় ৰাডাৰৰ সুবিধাসমূহকো লক্ষ্য কৰি লৈছিল। চেণ্টকমে দাবী কৰিছে যে ২০ লাখ বেৰেলতকৈ অধিক তেল কঢ়িয়াই অনা পানামাৰ পতাকা থকা টেংকাৰ এখনত ইৰাণে নিশাৰ ভিতৰতে ড্ৰ’ন আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে আমেৰিকাৰ সেনাই এই আক্ৰমণ সংঘটিত কৰিছিল।

ট্ৰাম্পে সকীয়াই দিয়ে যে এনে এটা সময় আহিব পাৰে যেতিয়া আমেৰিকাই পূৰ্ণাংগ সামৰিক আক্ৰমণ চলাবলৈ বাধ্য হ’ব। তেওঁ কয় যে যদি এনেকুৱা হয় তেন্তে ইৰাণৰ ইছলামিক ৰিপাব্লিকৰ অস্তিত্ব বন্ধ হৈ যাব। ইফালে আমেৰিকাৰ আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে ইৰাণে বাহৰেইন আৰু কুৱেইটত থকা আমেৰিকান বাহিনীক লক্ষ্য কৰি লৈছিল। ইৰাণৰ ইৰনা আৰু তাছনিম সংবাদ সংস্থাই আই আৰ জি চিৰ এক বিবৃতি প্ৰকাশ কৰি কুৱেইট আৰু বাহৰেইনত সংঘটিত আক্ৰমণৰ কথা নিশ্চিত কৰে।

আই আৰ জি চিয়ে জনোৱা মতে, ইয়াৰ নৌসেনা আৰু বায়ুসেনাই কুৱেইটৰ আমেৰিকাৰ আলী আল চেলেম বায়ুসেনা ঘাটি আৰু বাহৰেইনৰ ৰাজধানী মানামাৰ প’ৰ্ট ছালমানত নিয়োজিত আমেৰিকাৰ পঞ্চম নৌসেনাৰ বহৰত বেলিষ্টিক মিছাইল আৰু ড্ৰ’ন নিক্ষেপ কৰে। বিবৃতিটোত কোৱা হৈছে যে ইৰাণৰ ৫টা উপকূলীয় অঞ্চলত আমেৰিকাই বোমা বিস্ফোৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বাহৰেইনত ইৰাণৰ ড্ৰ’ন আক্ৰমণৰ অভিযোগ ওমানে গৰিহণা দিয়ে।

মন কৰিবলগীয়া যে ফেব্ৰুৱাৰীৰ শেষৰ ফালে আৰম্ভ হোৱা এই যুদ্ধ এতিয়াও বন্ধ হোৱা নাই। ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ২৮ ফেব্ৰুৱাৰীত ইৰাণৰ বিৰুদ্ধে বৃহৎ সামৰিক অভিযানৰ কথা ঘোষণা কৰে। ইয়াৰ পিছত আমেৰিকা আৰু ইজৰাইলে যৌথভাৱে ইৰাণৰ সামৰিক, চৰকাৰী আৰু আন্তঃগাঁথনিৰ লক্ষ্যত ব্যাপক আক্ৰমণ চলায়। ইয়াৰ ফলত মধ্যপ্ৰাচ্যৰ সংকট বৃদ্ধি পালে। শান্তিৰ অসংখ্য প্ৰচেষ্টা চলি আছিল। এই প্ৰেক্ষাপটত এই সপ্তাহৰ শেষৰ ফালে আমেৰিকা আৰু ইৰাণৰ প্ৰতিনিধি দলে ছুইজাৰলেণ্ডৰ বাৰ্গেনষ্টক ৰিজ’ৰ্টত উপস্থিত হৈ যুদ্ধৰ অন্ত পেলোৱাৰ বাবে চুক্তিৰ বাবে আলোচনা আৰম্ভ কৰে। এই আলোচনাৰ ভিত্তি আছিল যোৱা সপ্তাহত দুয়োখন দেশৰ মাজত স্বাক্ষৰিত বুজাবুজিৰ চুক্তি। এইটো আৰু আগবাঢ়ি যোৱাৰ আগতেই যুদ্ধ পুনৰ আৰম্ভ হ’ল।

-----------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande