

গুৱাহাটী, ২৮ জুন (হি.স.)। মহানগৰীৰ গড়চুক আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলত বিগত কিছুদিন ধৰি চলি থকা বিভিন্ন চুৰি কাৰ্য্যত জড়িত তিনিটাকৈ চোৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। মহানগৰীৰ লখৰাস্থিত এটা বণ্ডেদ ৱেৰহাউছৰ পৰা চুৰি কৰা কেইবাটাও বিলাতী মদৰ বটল তথা নগদ ধন আৰু ড্ৰাগছসহ গড়চুক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এই ৩ অপৰাধীক।
গড়চুক আৰক্ষী চকীত থকা গোচৰ নং ১৪৭/২০২৬ ইউ এছ ৩০৫(ক) / ৩১৮(৪) বি এন এছ অধীনত তদন্ত অব্যাহত ৰাখি গড়চুক আৰক্ষীয়ে ৰঙিয়াৰ ৰিতা বড়ো, গড়চুকৰ শান্তিপুৰৰ হাবেলা দৈমাৰী আৰু নলবাৰীৰ বেলশৰৰ চম্পক মেধিক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে ধৃত চোৰকেইজনৰ পৰা ৩ টা ব্লু লেবেল, ৩ টা ৰয়েল চেল্যুট, ৪ টা ব্লেক লেবেল, ৫ টা ডাৱল ব্লেক, ১ টা চিভাচ ৰিগেল, ৩৯ টা কোৱাটাৰ ব্লেক ডগ, ২০ টা কোৱাটাৰৰ চিগনেচাৰ বটল, নগদ ধন ১,৭৯,৮৪০ লাখ টকা জব্দ কৰে। এই সামগ্ৰীখিনি চোৰকেইটাই লখৰাস্থিত এটা ৱেৰ হাউচৰ পৰা চুৰি কৰিছিল। পৰৱৰ্তী সোধপোছ চলোৱাৰ পিছত চোৰ কেইটাৰ পৰা দুটা চাবোন কেচত ভৰাই অনা ২৫ গ্ৰাম সন্দেহযুক্ত হেৰোইন, ১১৯ টা প্লাষ্টিকৰ সৰু বটলত ভৰ্তি ১৪৩ গ্ৰাম সন্দেহযুক্ত হেৰোইন আৰু ৫.২০ কিলোগ্ৰাম গাঞ্জা জব্দ কৰা হয়। চোৰ কেইটাক অধিক তথ্যৰ বাবে জেৰা চলায় আছে আৰক্ষীয়ে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী