
ছিউল, ২৮ জুন (হি.স.)। চীন আৰু ৰাছিয়াৰ পৰা প্ৰায় ১০খন সামৰিক বিমানে দক্ষিণ কোৰিয়াৰ বায়ু প্ৰতিৰক্ষা চিনাক্তকৰণ মণ্ডলত কিছু সময়ৰ বাবে প্ৰৱেশ কৰে। অৱশ্যে তেওঁলোকে দক্ষিণ কোৰিয়াৰ প্ৰকৃত আকাশমাৰ্গ উলংঘা কৰা নাছিল। এই ঘটনাৰ খবৰ দিয়ে দক্ষিণ কোৰিয়াৰ যুটীয়া মুৰব্বী সেনাধ্যক্ষ (জে চি এছ)য়ে।
দক্ষিণ কোৰিয়াৰ চৰকাৰী সংবাদ সংস্থা য়নহাপ নিউজে জেচিএছৰ উদ্ধৃতি দি কয় যে চীন আৰু ৰাছিয়াৰ সামৰিক বিমানে শনিবাৰে দিনৰ ভাগত দেশখনৰ পূব আৰু দক্ষিণ সাগৰৰ ওপৰেৰে বায়ু প্ৰতিৰক্ষা চিনাক্তকৰণ মণ্ডলত প্ৰৱেশ কৰিছিল আৰু তাৰ কিছু সময়ৰ পিছতে ঘূৰি আহিছিল। এই বিমানসমূহৰ ভিতৰত আছিল বোমাৰু বিমান আৰু যুঁজাৰু বিমান।
সেনাই জনোৱা মতে, বিমানকেইখন বায়ু প্ৰতিৰক্ষা চিনাক্তকৰণ মণ্ডলত প্ৰৱেশ কৰাৰ পূৰ্বেই ধৰা পৰিছিল। যিকোনো সম্ভাৱ্য পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ দক্ষিণ কোৰিয়াৰ বায়ুসেনাৰ যুদ্ধ বিমান তৎক্ষণাত নিয়োগ কৰা হয়।
জেচিএছে স্পষ্ট কৰি দিয়ে যে কোনো বিদেশী বিমানে দক্ষিণ কোৰিয়াৰ সাৰ্বভৌম আকাশমাৰ্গ উলংঘা কৰা নাই। বিষয়াসকলৰ মতে, চীন আৰু ৰাছিয়াৰ যৌথ বিমান সামৰিক অনুশীলনৰ সময়ত এই কাণ্ড সংঘটিত হোৱাৰ সম্ভাৱনা আছে।
মন কৰিবলগীয়া যে বায়ু প্ৰতিৰক্ষা চিনাক্তকৰণ মণ্ডল কোনো দেশৰ ভূখণ্ডীয় আকাশমাৰ্গ নহয় বৰঞ্চ বিদেশী বিমানৰ চিনাক্তকৰণ নিশ্চিত আৰু সম্ভাৱ্য সংঘাতৰ পৰা হাত সাৰিবলৈ সৃষ্টি কৰা হৈছে।
চীন আৰু ৰাছিয়াৰ পৰা অহা সামৰিক বিমানে এয়াৰ ডিফেন্স আইডেন্টিফিকেশন জ’নত প্ৰৱেশ কৰাটো প্ৰথম নহয়। যোৱা ডিচেম্বৰ মাহত দুয়োখন দেশৰ ৯খন সামৰিক বিমানে এই জ’নত প্ৰৱেশ কৰাৰ ফলত দক্ষিণ কোৰিয়াই চীন আৰু ৰাছিয়াৰ প্ৰতিৰক্ষা বিষয়াৰ ওচৰত আনুষ্ঠানিক প্ৰতিবাদ সাব্যস্ত কৰে।
দক্ষিণ কোৰিয়াৰ বিষয়াসকলৰ মতে, ২০১৯ চনৰ পৰা চীন আৰু ৰাছিয়াই যৌথ সামৰিক অনুশীলনৰ সময়ত পূৰ্বৰ জাননী অবিহনে বছৰত এবাৰ বা দুবাৰকৈ নিজৰ সামৰিক বিমান বায়ু প্ৰতিৰক্ষা চিনাক্তকৰণ মণ্ডললৈ প্ৰেৰণ কৰি আহিছে।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ