পাকিস্তানৰ কৰাচীত ৰেঞ্জাৰছৰ মুখ্য কাৰ্যালয়ত আক্ৰমণত ৫জন সন্ত্ৰাসবাদী নিহত, তিনিজন জোৱান শ্বহীদ
ইছলামাবাদ, ২৮ জুন (হি.স.)। পাকিস্তানৰ সিন্ধ প্ৰদেশৰ ৰাজধানী কৰাচীৰ সিন্ধ ৰেঞ্জাৰছৰ মুখ্য কাৰ্যালয়ত শনিবাৰে নিশা সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত তিনিজন জোৱান নিহত হয়। নিৰাপত্তাৰক্ষীৰ গুলীচালনাত ধৰাশায়ী হয় ৫জন সন্ত্ৰাসবাদী। এজন আক্ৰমণকাৰীক জীৱিত অৱস
पाकिस्तान के कराची में शनिवार रात सिंध रेंजर्स मुख्यालय में आतंकी हमले के बाद सुरक्षा बलों ने सारे इलाके को घेर लिया। फोटो -  इंटरनेट मीडिया


ইছলামাবাদ, ২৮ জুন (হি.স.)। পাকিস্তানৰ সিন্ধ প্ৰদেশৰ ৰাজধানী কৰাচীৰ সিন্ধ ৰেঞ্জাৰছৰ মুখ্য কাৰ্যালয়ত শনিবাৰে নিশা সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত তিনিজন জোৱান নিহত হয়। নিৰাপত্তাৰক্ষীৰ গুলীচালনাত ধৰাশায়ী হয় ৫জন সন্ত্ৰাসবাদী। এজন আক্ৰমণকাৰীক জীৱিত অৱস্থাত বন্দী কৰা হয় । এই কথা নিশ্চিত কৰিছে পাকিস্তানী সেনাৰ সংবাদ মাধ্যম আৰু জনসংযোগ শাখা আইএছপিআৰে।

পাকিস্তান টুডেৰ এক প্ৰতিবেদন অনুসৰি আই এছ পি আৰৰ বিবৃতিত উল্লেখ কৰা হৈছে যে নিৰাপত্তা বাহিনীয়ে সিন্ধ ৰেঞ্জাৰছৰ মুখ্য কাৰ্যালয়ত সন্ত্ৰাসবাদী আক্ৰমণ বিফল কৰে। নিষিদ্ধ তেহৰিক-ই-তালিবান পাকিস্তানৰ সৈতে জড়িত জামাত-উল-আহৰাৰ নামৰ এটা সন্ত্ৰাসবাদী সংগঠনে এই আক্ৰমণ সংঘটিত কৰে। শনিবাৰে নিশা প্ৰায় ৮:৩০ বজাত কৰাচীৰ ঘন জনবসতিপূৰ্ণ গুলিস্তান-ই-জোহৰ অঞ্চলত অৱস্থিত সিন্ধ ৰেঞ্জাৰছৰ স্থানীয় মুখ্য কাৰ্যালয়ত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰে।

যোৱা নিশা সন্ধিয়া সিন্ধ আৰক্ষী মহাপৰিদৰ্শক জাভেদ আলম ওধোৱে এই আক্ৰমণৰ কথা নিশ্চিত কৰি কয় যে এই ঘটনাত তিনিজন ৰেঞ্জাৰ জোৱান শ্বহীদ হৈছে। প্ৰাদেশিক আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা মতে, আক্ৰমণকাৰীয়ে প্ৰথমে তেওঁলোকৰ বাহনখন কমপ্লেক্সটোৰ মূল গেটত খুন্দা মাৰে। তেওঁ কয় যে বিশেষ নিৰাপত্তা ইউনিটৰ কমাণ্ডো, সন্ত্ৰাসবাদ বিৰোধী বাহিনী, আৰু ৰেঞ্জাৰছৰ জোৱানসকলে তৎকালীনভাৱে সঁহাৰি জনায়।

তেহৰিক-ই-তালিবান পাকিস্তানৰ সংযুক্ত জামাত-উল-আহৰাৰে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে। এই গোটটোৱে শেহতীয়া বছৰবোৰত মূলতঃ খাইবাৰ পখতুনখোৱাত সক্ৰিয় হৈ আহিছে আৰু সাধাৰণ নাগৰিক, নিৰাপত্তাৰক্ষী, আৰু চৰকাৰী বিষয়াক লক্ষ্য কৰি লৈছে।

নাম প্ৰকাশ নকৰাৰ চৰ্তত এজন আৰক্ষী বিষয়াই কয় যে এই আক্ৰমণত কমেও চাৰিজন ৰেঞ্জাৰ জোৱান শ্বহীদ হৈছে। বিষয়াগৰাকীয়ে কয় যে, ৫জন সন্ত্ৰাসবাদীও নিহত হৈছে, আৰু ষষ্ঠজন সন্ত্ৰাসবাদীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। উদ্ধাৰ কৰা সন্ত্ৰাসবাদীজনৰ মৃতদেহটো আত্মঘাতী বোমাৰু। আন এটা সূত্ৰই দাবী কৰিছে যে এজন সন্ত্ৰাসবাদীক জীৱিত অৱস্থাত বন্দী কৰা হৈছে আৰু আন এজন আহত হৈছে।

ইয়াৰ পূৰ্বে ২০২৪ চনৰ ৬ অক্টোবৰত কৰাচীত বিমানবন্দৰৰ সমীপত সংঘটিত হোৱা বৃহৎ সন্ত্ৰাসবাদী আক্ৰমণত এজন লোক নিহত হোৱাৰ লগতে বিদেশী নাগৰিককে ধৰি ১১ জন লোক আহত হয়। নিষিদ্ধ বেলুচ লিবাৰেচন আৰ্মীয়ে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰে। ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত শ্বাহৰা-ই-ফাইছালৰ কৰাচী আৰক্ষী কাৰ্যালয়ত সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলাই চাৰিজন লোকৰ মৃত্যু হৈছিল। এই আক্ৰমণৰ সময়ত নিষিদ্ধ তেহৰিক-ই-তালিবান পাকিস্তানৰ সৈতে জড়িত তিনিজন সন্ত্ৰাসবাদীও নিহত হয়।

পাকিস্তান ইনষ্টিটিউট ফৰ কনফ্লিক্ট এণ্ড ছিকিউৰিটি ষ্টাডিজৰ মাহেকীয়া নিৰাপত্তা প্ৰতিবেদন অনুসৰি একেৰাহে দুমাহৰ উন্নতিৰ পিছত মে’ মাহত পাকিস্তানৰ নিৰাপত্তা পৰিস্থিতিৰ তীব্ৰ অৱনতি ঘটিছিল আৰু সেই সময়ছোৱাত এই শেহতীয়া আক্ৰমণ সংঘটিত হৈছিল। প্ৰতিবেদন অনুসৰি পাকিস্তানত মে’ মাহত ১২৮টা সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হোৱাৰ বিপৰীতে এপ্ৰিল মাহত ১০১টা সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছিল।

--------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande