
ইছলামাবাদ, ২৮ জুন (হি.স.)। কুৱেটা সন্ত্ৰাসবাদ বিৰোধী আদালতে বেলুচ লোকৰ নিৰুদ্দেশ হোৱাৰ বাবে মাত মতা ডাঃ মেহৰাং বেলুচ আৰু ছিবঘাতুল্লাহ শ্বাহক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি দিয়াৰ বিৰুদ্ধে বেলুচিস্তানত প্ৰতিবাদ অব্যাহত আছে। ইফালে ৰায়দান কৰা ন্যায়াধীশ মহম্মদ আলী মুবিনক বেলুচিস্তান উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়াৰ পৰামৰ্শত অনুমোদন জনোৱা হৈছে।
দ্য বেলুচিস্তান পোষ্টত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি সূত্ৰসমূহে দাবী কৰিছে যে চৰকাৰী সংস্থা এটাই প্ৰাদেশিক চৰকাৰ আৰু বেলুচিস্তান উচ্চ ন্যায়ালয়লৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছে, য’ত ন্যায়াধীশ মহম্মদ আলী মুবিনক উচ্চ ন্যায়ালয়লৈ পদোন্নতিৰ পৰামৰ্শ দিয়া হৈছে। সূত্ৰসমূহে জনোৱা মতে, প্ৰাদেশিক চৰকাৰে এই প্ৰস্তাৱত সন্মতি প্ৰকাশ কৰিছে।
প্ৰতিবেদন অনুসৰি বেলুচিস্তান উচ্চ ন্যায়ালয়ৰ একাংশ জ্যেষ্ঠ ন্যায়াধীশে কনিষ্ঠ ন্যায়াধীশক পদোন্নতি দিয়াৰ ক্ষেত্ৰত আপত্তি প্ৰকাশ কৰিছে। ইফালে, বেলুচিস্তান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে এই সিদ্ধান্তৰ সৈতে একমত বুলি সূত্ৰই প্ৰকাশ কৰিছে। অহা কেইদিনমানৰ ভিতৰত বেলুচিস্তান উচ্চ ন্যায়ালয়ে মহম্মদ আলী মুবিন আৰু আন কেইবাজনো ন্যায়াধীশক ন্যায়াধীশ হিচাপে নিযুক্তি দি অধিসূচনা জাৰি কৰাৰ সম্ভাৱনা আছে। মন কৰিবলগীয়া যে উচ্চতম ন্যায়ালয়ৰ উকীল সন্থাৰ প্ৰাক্তন সভাপতি মুনীৰ কাকাৰে ছ’চিয়েল মিডিয়াত উদ্বেগ প্ৰকাশ কৰিছিল যে ডাঃ মেহৰাং বেলুচ আৰু ছিবঘাতুল্লাহ শ্বাহক শাস্তি দিয়া ন্যায়াধীশ মহম্মদ আলী মুবিনক বেলুচিস্তান উচ্চ ন্যায়ালয়ত ন্যায়াধীশ হিচাপে নিযুক্তি দিব পাৰে।
গ্ৱাদাৰ প্ৰতিবাদৰ সময়ত এজন জোৱানৰ মৃত্যুৰ গোচৰত সন্ত্ৰাসবাদ আৰু দেশদ্ৰোহৰ অপৰাধত যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছে বেলুচ সংহতি সমিতিৰ নেতা ড° মেহৰাং বালোচক। বেলুচ সংহতি সমিতিৰ দুই নেতাক যাৱজ্জীৱন কাৰাদণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে। শনিবাৰে কেচি বেগ কমলু গাঁৱত এক সমাৱেশ অনুষ্ঠিত হয়, য’ত বহু সংখ্যক লোকে অংশগ্ৰহণ কৰে। শুকুৰবাৰে নিশা বহু সংখ্যক লোকে কুৱেটাৰ ছাৰয়াব ৰোডলৈ গৈ প্ৰতিবাদ সাব্যস্ত কৰি আদালতৰ সিদ্ধান্ত নাকচ কৰে। প্ৰতিবাদকাৰীসকলে বেলুচ নেতাসকলৰ ন্যায়ৰ দাবীও কৰে।
যোৱা বছৰ শান্তি নোবেল বঁটাৰ বাবে মনোনীত হোৱা মহাৰাং বিগত দশকত আন্দোলনৰ অন্যতম বিশিষ্ট নেতা হিচাপে পৰিগণিত হৈছে। তেওঁক বেলুচিস্তানৰ সিংহনী বুলিও জনা যায়।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া