
মানামা/কুৱেইট চহৰ/তেহৰাণ, ২৮ জুন (হি.স.)। ইৰাণে শেহতীয়াকৈ আমেৰিকাৰ আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে মিত্ৰ দেশ কুৱেইট আৰু বাহৰেইনৰ অসামৰিক আৰু সামৰিক প্ৰতিষ্ঠানসমূহক লক্ষ্য কৰি লৈছে। দ্ৰুতগতিত বিকশিত হোৱা এই পৰিঘটনাই হৰমুজ জলদ্বীপত শান্তিৰ আশাক স্তব্ধ কৰি তুলিছে। ইৰাণ আৰু আমেৰিকাই ইজনে সিজনক যুদ্ধবিৰতি চুক্তি উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছে। দুয়োখন দেশৰ আগ্ৰাসনে পশ্চিম এছিয়াৰ যুদ্ধৰ অন্ত পেলোৱাৰ বাবে চলি থকা আলোচনাত প্ৰভাৱ পেলাইছে।
আৰব নিউজ আৰু ছৌদি প্ৰেছ এজেন্সীৰ তথ্য অনুসৰি বাহৰেইনৰ স্বৰাজ মন্ত্ৰালয়ে জনোৱা মতে, দেওবাৰে ইৰাণৰ আক্ৰমণত মুহাৰৰাক গভৰ্ণৰেটৰ এটা আৱাসিক ভৱনৰ ক্ষতিসাধন হয় যদিও কোনো লোকৰ মৃত্যু হোৱা নাই। স্বৰাজ মন্ত্ৰালয়ে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত কয় যে সংশ্লিষ্ট কৰ্তৃপক্ষই সেই স্থানতে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে।
বাহৰেইনৰ প্ৰতিৰক্ষা বাহিনীৰ জেনেৰেল কমাণ্ডে এক বিবৃতিত কয় যে তেওঁলোকে সাধাৰণ নাগৰিকক লক্ষ্য কৰি ইৰাণৰ কেইবাটাও ক্ষেপণাস্ত্ৰ আৰু ড্ৰ’ন আটক কৰে। কমাণ্ডটোৱে জোৰ দি কয় যে, “অসামৰিক আৰু ব্যক্তিগত সম্পত্তিক লক্ষ্য কৰি ক্ষেপণাস্ত্ৰ আৰু ড্ৰ’নৰ ইচ্ছাকৃতভাৱে ব্যৱহাৰ কৰাটো আন্তঃৰাষ্ট্ৰীয় মানৱীয় আইনৰ স্পষ্ট উলংঘা।”
ইফালে, কুৱেইটৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা মতে, দেওবাৰে পুৱা তেওঁলোকৰ সশস্ত্ৰ বাহিনীয়ে দুটা ইৰাণৰ বেলিষ্টিক মিছাইলক বাধা দি ধ্বংস কৰে। আটক কৰাৰ সময়ত কোনো লোক হতাহত বা আহত হোৱাৰ খবৰ পোৱা নাই।
ইৰাণৰ ভূখণ্ডত আমেৰিকাৰ আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে কুৱেইট আৰু বাহৰেইনৰ বিৰুদ্ধে আক্ৰমণ সংঘটিত কৰা বুলি দেওবাৰে ইৰাণৰ ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছে প্ৰকাশ কৰে।
আই আৰ জি চিয়ে এক বিবৃতিত কয় যে, কুৱেইটৰ আলী আল-চেলেম ঘাটি আৰু বাহৰেইনৰ প'ৰ্ট ছালমানত থকা পঞ্চম বহৰৰ নৌসেনা ঘাটিত থকা আঠটা গুৰুত্বপূৰ্ণ আমেৰিকাৰ সামৰিক স্থাপন ধ্বংস কৰা হৈছে। শত্ৰুৰ যিকোনো আগ্ৰাসনক উপযুক্ত সঁহাৰিৰ সন্মুখীন হ'ব। আই আৰ জি চিয়ে জনোৱা মতে, হৰমুজ জলদ্বীপৰ মাজেৰে পাৰ হৈ যোৱা যাতায়ত নিয়ন্ত্ৰণৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে। নিয়ম উলংঘা কৰা জাহাজসমূহৰ সৈতে পূৰ্বতকৈ অধিক কঠোৰ ব্যৱহাৰ কৰা হ’ব।
কুৱেইট আৰু বাহৰেইনে নিজৰ ভূখণ্ডক লক্ষ্য কৰি ইৰাণৰ আক্ৰমণক তীব্ৰ গৰিহণা দিছে। তেওঁলোকে এই ঘটনাক তেওঁলোকৰ সাৰ্বভৌমত্বৰ গুৰুতৰ উলংঘা আৰু আঞ্চলিক নিৰাপত্তাৰ প্ৰতি ভাবুকি বুলি অভিহিত কৰে।
কুৱেইটৰ বৈদেশিক মন্ত্ৰালয়ে এই আক্ৰমণসমূহ আন্তঃৰাষ্ট্ৰীয় আইন আৰু ৰাষ্ট্ৰসংঘৰ চনদ স্পষ্টভাৱে উলংঘা কৰা বুলি উল্লেখ কৰিছে। বাহৰেইনেও এই আক্ৰমণক গৰিহণা দি কয় যে ইৰানে পুনৰবাৰ বেলিষ্টিক মিছাইল আৰু ড্ৰ’নেৰে ৰাজ্যখনক লক্ষ্য কৰি লৈছে। এইটো এটা তীব্ৰতৰ পদক্ষেপ আৰু ৰাজ্যখনৰ সাৰ্বভৌমত্ব আৰু ইয়াৰ নাগৰিকসকলৰ নিৰাপত্তাৰ বিৰুদ্ধে প্ৰত্যক্ষ আক্ৰমণ। দুয়োখন দেশেই আন্তঃৰাষ্ট্ৰীয় আইনক সন্মান জনোৱাৰ লগতে উপসাগৰীয় অঞ্চলত শান্তি আৰু স্থিতিশীলতা বজাই ৰখাৰ বাবে কূটনৈতিক প্ৰচেষ্টাৰ নবীকৰণৰ আহ্বান জনায়।
ড্ৰ’নেৰে বাহৰেইনক লক্ষ্য কৰি ইৰাণৰ আগ্ৰাসনক তীব্ৰ গৰিহণা দিয়ে মুছলিম ৱৰ্ল্ড লীগে। লীগৰ মহাসচিব তথা কাউন্সিল অৱ মুছলিম স্কোলাৰছৰ অধ্যক্ষ শ্বেইখ মহম্মদ বিন আব্দুল কৰিম আল ইছাই বাহৰেইনত ইৰাণৰ আক্ৰমণক গৰিহণা দিয়ে। তেওঁ কয় যে এই আক্ৰমণে সকলো ধৰ্মীয় মূল্যবোধ, আন্তঃৰাষ্ট্ৰীয় আৰু মানৱীয় আইন আৰু নীতি-নিয়ম উলংঘা কৰিছে। ইৰাণে নিৰাপত্তা আৰু স্থিতিশীলতা পুনৰুদ্ধাৰৰ প্ৰচেষ্টাক দুৰ্বল কৰিছে।---------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ