
ধুবুৰী, ২৮ জুন (হি.স.): ধুবুৰী জিলাৰ বিলাসীপাৰাত অনুষ্ঠিত হয় স্নায়ুতেজ নিউৰোথন আন্তঃৰাজ্যিক হাফ মাৰাথন দৌৰ প্ৰতিযোগিতা। প্ৰতিযোগিতা খন শুভ উদ্বোধন কৰে বিলাসীপাৰা সম জিলা আয়ুক্তা ড০ প্ৰীতি ৰেখা ডেকাই । “দীপা ৰামা মানুহ ফাউণ্ডেশ্বন” চমুকৈ ডিআৰএম ফাউণ্ডেশ্বনৰ উদ্যোগত অনুষ্ঠিত হয় এই প্ৰতিযোগীতাখন।
এই হাফ মাৰাথন প্ৰতিযোগিতাত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে অসমৰ বিভিন্ন জিলাৰ পৰা পাঁচ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে । দিল্লীৰ মেক্স হস্পিটাল এণ্ড নিউৰো ৰিচাৰ্জ চেণ্টাৰৰ জেষ্ট নিউৰো চাৰ্জন ডাঃ হৃষিকেশ চক্ৰৱৰ্তীয়ে কয় যে, এই প্ৰতিযোগীতা কেৱল খেলৰ বাবে নহয়, এয়া প্ৰকৃততে শৰীৰ সুস্থ, স্নায়ু স্বাস্থ্যৰ বাবে, সবল মগজু, সুস্থ জীৱন, সুৰক্ষিত ভৱিষ্যৰ বাবে নিউৰো হেল্থ এৱাৰনেছ মাৰাথন প্ৰতিযোগিতাহে । তেওঁ আৰু কয় যে, সম্প্ৰতি স্নায়ুজনিত সমস্যা যেনে-হেড ইনজুৰী, ষ্ট্ৰোক, ডিমেনচিয়া, এপিলেপ্সি আদিৰ দৰে ৰোগৰ হাৰ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। এই ৰোগসমূহৰ প্ৰতি সচেতনতা সৃষ্টি আৰু প্ৰতিৰোধৰ বাবে ফাউণ্ডেশ্যনে 'মাৰাথন প্ৰতিযোগিতা'ৰ আয়োজন কৰিছে। প্ৰতিযোগীতাখনৰ ২১, ১৫ আৰু ৫ কিলোমিটাৰ পুৰুষ আৰু মহিলাৰ উভয়ে অংশগ্ৰহণ কৰে । প্ৰথম আৰু দ্বিতীয় প্ৰতিযোগী সকলক পুৰস্কৃত কৰা হ'ব বুলি জানিব পৰা গৈছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ