বিদেশৰ ভূমিত নিজ প্ৰতিভাৰে জিলিকিল তেজপুৰৰ চাৰিগৰাকী মহিলা মালয়েছিয়াৰ কোৱালালামপুৰত অনুষ্ঠিত হোৱা এছিয়া কাপ -২০২৬ যোগ ক্রীড়াত ১১ টা সোণৰ লগতে ৰূপৰ পদকেৰে তেজপুৰলৈ সুনাম মমী ভাগৱতী ,মামু বায়ন ,স্মৰিকা ডেকা আৰু মমিতা গগৈৰ
–মালয়েছিয়াৰ কোৱালালামপুৰত অনুষ্ঠিত হোৱা এছিয়া কাপ -২০২৬ যোগ ক্রীড়াত ১১ টা সোণৰ লগতে ৰূপৰ পদকেৰে জিলিকিল তেজপুৰৰ মমী ভাগৱতী, মামু বায়ন, স্মৰিকা ডেকা আৰু মমিতা গগৈৰ শোণিতপুৰ, ২৮ জুন (হি.স.)। পুনৰ বিদেশৰ ভূমিত নিজৰ প্ৰতিভাৰে আন্তঃৰাষ্ট্ৰীয় পৰ্য্
বিদেশৰ ভূমিত নিজ প্ৰতিভাৰে জিলিকিল তেজপুৰৰ চাৰিগৰাকী মহিলা


–মালয়েছিয়াৰ কোৱালালামপুৰত অনুষ্ঠিত হোৱা এছিয়া কাপ -২০২৬ যোগ ক্রীড়াত ১১ টা সোণৰ লগতে ৰূপৰ পদকেৰে জিলিকিল তেজপুৰৰ মমী ভাগৱতী, মামু বায়ন, স্মৰিকা ডেকা আৰু মমিতা গগৈৰ

শোণিতপুৰ, ২৮ জুন (হি.স.)। পুনৰ বিদেশৰ ভূমিত নিজৰ প্ৰতিভাৰে আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত জিলিকি উঠিল তেজপুৰৰ চাৰিগৰাকীকৈ মহিলা । যোৱা ২৫ জুনৰ পৰা ২৭ জুনলৈ মালয়েছিয়াৰ কোৱালালামপুৰত অনুষ্ঠিত হোৱা পঞ্চম এছিয়া কাপ -২০২৬ যোগ ক্রীড়াত এছিয়া মহাদেশৰ সাতখন দেশৰ ভিতৰত বহুকেইটা সোণ, ৰূপ, ব্ৰঞ্জৰ পদকেৰে দেশৰ লগতে তেজপুৰলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয় তেজপুৰৰ পাৰ্বতী নগৰৰ বাসিন্দা তথা এগৰাকী মাতৃ মামু বায়ন, বাসন্তীপুৰ নিবাসী লেখিকা তথা ক্ৰীড়াবিদ মমী ভাগৱতী, মমিতা গগৈ আৰু স্মৰণিকা ডেকা ।

উল্লেখ্য যে বিগত সময়তো প্ৰবীণ ক্ৰীড়া, সৌন্দৰ্য্য প্ৰতিযোগিতা, সাজসজ্জা প্ৰতিযোগিতাৰ লগতে ৰাষ্ট্ৰীয় -আন্তঃৰাষ্ট্ৰীয় যোগ ক্রীড়া প্ৰতিযোগিতাত বিভিন্ন পদকেৰে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱা এগৰাকী বিবাহিত কন্যাকে ধৰি দুগৰাকী কন্যাৰ মাতৃ মামু বায়নৰ লগতে দুগৰাকী কন্যাৰ মাতৃ, লেখিকা মমী ভাগৱতীয়ে মালয়েছিয়াৰ কোৱালালামপুৰৰ এই প্ৰতিযোগিতাত পুনৰ পদক অৰ্জন কৰিবলৈ সক্ষম হোৱাৰ লগতে অংশগ্ৰহণকাৰী আন দুগৰাকী মহিলাইও পদক অৰ্জন কৰাত স্বাভাৱিকতে তেজপুৰত আনন্দৰ জোৱাৰ উঠিছে ।

উল্লেখ্য যে মামু বায়নে পৰম্পৰাগত যোগ ক্রীড়াত সোনৰ পদক, আৰ্টিষ্টিক পেয়াৰত সোণৰ পদক, আৰ্টিষ্টিক গ্ৰুপত সোণৰ পদক আৰু নিজৰ পচন্দৰ যোগ ক্রীড়াত ৰূপৰ পদক অৰ্জন কৰি ভাৰতবৰ্ষৰ লগতে অসমলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয় । উল্লেখ্য যে মামু বায়নে আনকি এই প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত ভাৰতৰ পৰা অংশগ্ৰহণ কৰি অসমৰ বিহুনাচ পৰিৱেশন কৰি সকলোকে মুগ্ধ কৰে ।

উল্লেখ্য যে, এ প্ৰতিযোগিতাত ভাৰতকে ধৰি মালয়েছিয়া, হংকং, ছিংগাপুৰ, ওমান,চীন, ভিয়েটনাম আদি সাতখন দেশে অংশগ্ৰহণ কৰে। বিভিন্ন শিতানত হোৱা প্ৰতিযোগিতা সমুহত অংশগ্ৰহণ কৰি ভাৰতে প্ৰথম,ছিংগাপুৰে দ্বিতীয় আৰু হংকঙে তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয় । উক্ত প্ৰতিযোগিতাত ভাৰতৰ হৈ খেলা অসমৰ খেলুৱৈৰ দলটোৱে বিভিন্ন শিতানত সকলোৰে মনযোগ আকৰ্ষণ কৰে । ৬০ বয়সৰ গ্ৰুপত তেজপুৰৰ মমী ভাগৱতীয়ে তিনিটা সোণৰ পদক, ৫০ বয়সৰ গ্ৰুপত তেজপুৰৰে মামু বায়নে তিনিটা তিনিটা সোণ আৰু এটা ৰূপৰ পদক, পুৰুষৰ একে শাখাতে ডিব্ৰুগড়ৰৰ জগদীশ ভৰালীয়ে পাচঁটা সোণৰ পদক, ৪০বয়সৰ গ্ৰুপত তেজপুৰৰ মমিতা গগৈয়ে তিনিটা সোণ আৰু দুটা ৰূপৰ পদক আৰু ধেমাজিৰ ৰ'জি পেগুৱে এটা সোণ আৰু এটা ৰূপ, ১১-১৪গ্ৰুপত তেজপুৰৰ স্মৰিকা ডেকাই দুটা সোণৰ আৰু দুটা ৰূপৰ আৰু ধেমাজিৰ পুন্নম পূৰ্বী পেগুয়ে চাৰিটা সোণ আৰু এটা ৰূপৰ পদক পাৱলৈ সক্ষম হয় । উল্লেখযোগ্য যে চেম্পিয়ন অফ দা চেম্পিয়ন শাখাত পুন্নম পূৰ্বী পেগুয়ে মহিলাৰ শাখাত চেম্পিয়ন খিতাপ দখল কৰে । মুঠ ২৬ টা পদকৰে অসমৰ দলটোৱে শ্ৰেষ্ঠ দল হিচাপে সকলোকে আকৰ্ষণ কৰিবলৈ সক্ষম হয় ।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande