জলসম্পদ বিভাগত চাকৰি দিয়াৰ নামত চলা কেলেংকাৰীক উৎখাত চি আই ডি অসমৰ; ৭ জনক গ্ৰেপ্তাৰ
গুৱাহাটী, ২৮ জুন (হি.স.)। অসম চৰকাৰৰ জলসম্পদ বিভাগত নিযুক্তি দিয়াৰ নাম লৈ গঢ়লৈ উঠা প্ৰৱঞ্চকৰ এক নেটৱাৰ্কক উৎখাত কৰিবলৈ সক্ষম হৈছে চি আই ডি, অসমে। অসমৰ অপৰাধ অনুসন্ধান বিভাগে ( চি আই ডি)য়ে যথেষ্ট অগ্ৰগতি লাভ কৰিছে এই গোচৰটোত। সংগঠিত ৰেকেটৰ অংশ হ
জলসম্পদ বিভাগত চাকৰি দিয়াৰ নামত চলা কেলেংকাৰীত জড়িত লোকসকল


গুৱাহাটী, ২৮ জুন (হি.স.)। অসম চৰকাৰৰ জলসম্পদ বিভাগত নিযুক্তি দিয়াৰ নাম লৈ গঢ়লৈ উঠা প্ৰৱঞ্চকৰ এক নেটৱাৰ্কক উৎখাত কৰিবলৈ সক্ষম হৈছে চি আই ডি, অসমে। অসমৰ অপৰাধ অনুসন্ধান বিভাগে ( চি আই ডি)য়ে যথেষ্ট অগ্ৰগতি লাভ কৰিছে এই গোচৰটোত।

সংগঠিত ৰেকেটৰ অংশ হিচাপে কাম কৰা অভিযুক্ত ব্যক্তিসকলে জলসম্পদ বিভাগৰ নামত জাল নিযুক্তি পত্ৰ, চৰকাৰী ছীল, ভুৱা নিযুক্তিৰ জাননী জাৰি কৰি চাকৰি বিচৰা যুৱক-যুৱতীসকলক যথেষ্ট পৰিমাণৰ ধন — হাজাৰৰ পৰা লাখ লাখ টকালৈ প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন হৈছে। প্ৰৱঞ্চকৰ দলটোৱে ভুক্তভোগীসকলক বিশ্বাস কৰাই দিছিল যে তেওঁলোকক বৈধ চৰকাৰী নিয়োগৰ প্ৰস্তাৱ দিয়া হৈছে।

সেই অনুসৰি ভাৰতীয় ন্যায় সংহিতা (বিএনএছ), ২০২৩ৰ ধাৰা ৬১(২), ৩১৮(৪), ৩৩৬(৩), আৰু ৩৪০(২)ৰ অধীনত চিআইডি পিএছ গোচৰ নং ০৪/২৫ৰ ভিত্তিত চিআইডি থানাত এটা গোচৰ ৰুজু কৰা হৈছে। ধাৰাবাহিকভাৱে চলি থকা ধাৰাবাহিক অভিযানত চি আই ডি অসমে এই গোচৰৰ সৈতে জড়িত মুঠ সাত (৭) অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। শেহতীয়াকৈ নলবাৰী জিলাৰ ২০২৬ চনৰ ২৭ জুনত গ্ৰেপ্তাৰ কৰা হৈছে গুণমণি বৈশ্যক।

তদন্ত অব্যাহত আছে। চৰকাৰী নিযুক্তিৰ যিকোনো জাননীৰ সত্যতা চৰকাৰী মাধ্যমেৰে পৰীক্ষা কৰাৰ লগতে চৰকাৰী নিয়োগৰ বিনিময়ত কোনো ধৰণৰ ধন পৰিশোধ কৰাৰ পৰা বিৰত থাকিবলৈ জনসাধাৰণক কঠোৰ পৰামৰ্শ প্ৰদান কৰিছে আৰক্ষীয়ে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande