ৰঙিয়াত পুনৰ চোৰাং গৰু ভৰ্তি বাহন জব্দ
ৰঙিয়াত পুনৰ চোৰাং গৰু ভৰ্তি বাহন জব্দ।
ৰঙিয়াত পুনৰ চোৰাং গৰু ভৰ্তি বাহন জব্দ


কামৰূপ, ২৮ জুন (হি.স.): কামৰূপ জিলাৰ ৰঙিয়াত যোৱা কালি শনিবাৰে নিশা পুনৰ চোৰাং গৰু ভৰ্তি বাহন জব্দ কৰা হৈছে । উত্তৰ কামৰূপ জিলা ৰাষ্ট্ৰীয় বজৰং দলে খেদি খেদি জব্দ কৰে এই চোৰাং গৰু ভৰ্তি ব'লেৰো পিকআপ বাহন খন।

পৰৱৰ্তী সময়ত ঘটনা সন্দৰ্ভত ৰঙিয়া আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে জব্দাকৃত বাহত খন আৰু লৈ আনে ৰঙিয়া আৰক্ষী থানালৈ । ৰঙিয়া বঙালী কুছিত জব্দাকৃত চোৰাং গৰু ভৰ্তি বাহন খনৰ নম্বৰ এএছ ০১ ইউচি ০৫৬৫ বুলি জানিব পৰা গৈছে। বাহনখনত আছিল সাতটাকৈ চোৰাং গৰু। বৰ্তমান ৰঙিয়া আৰক্ষী থানাত ৰখা হৈছে চোৰাং গৰু ভৰ্তি বাহন খন।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande