
মোৰাদাবাদ, ২৮ জুন (হি.স.)। মোৰাদাবাদ নেক্সট জৈন প্ৰিমিয়াৰ ক্ৰিকেট লীগত দেওবাৰে নেক্সট জৈন ইণ্ডিয়ানক ৫ উইকেটত পৰাস্ত কৰে বুলছ ক্ৰিকেট ক্লাবে। বুলছ ক্ৰিকেট ক্লাবৰ মহম্মদ হাছানে অল ৰাউণ্ড প্ৰদৰ্শনৰ বাবে মেন অৱ দ্য মেচৰ সন্মান লাভ কৰে।
জিলা ক্ৰীড়া সন্থা মোৰাদাবাদৰ সম্পাদক তথা প্ৰাক্তন ৰঞ্জী ট্ৰফী খেলুৱৈ অধিবক্তা বিজয় গুপ্তাই কয় যে দেওবাৰে নেক্সট জৈন ক্ৰিকেট একাডেমী খেলপথাৰত অনুষ্ঠিত হোৱা প্ৰথমখন খেলত নেক্সট জৈন ইণ্ডিয়ানছে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত ২০ অভাৰত ৭ উইকেটত ১৮৮ ৰান সংগ্ৰহ কৰে। আৰ্য্য যাদৱে ৮১টা বলত ৯৯ ৰান আৰু আয়ুছে ৩৫টা বলত ৫৪ ৰান অৰিহণা যোগায়। বুলছ ক্ৰিকেট ক্লাবৰ মহম্মদ হাছানে ৪টা উইকেট দখল কৰাৰ বিপৰীতে সন্দীপ আৰু অৰুণে দুটাকৈ উইকেট দখল কৰে।
লক্ষ্যৰ খেদি খেদি বুলছ ক্ৰিকেট ক্লাবে ১৮ অভাৰত ৫টা উইকেট হেৰুৱাই ১৮৯ ৰান সংগ্ৰহ কৰি মেচখনত জয়লাভ কৰে। বুটছ ক্ৰিকেট ক্লাবৰ মহম্মদ হাছানে ১৯টা বলত ৪৯ ৰান সংগ্ৰহ কৰি দলটোক জয়ৰ দিশে আগুৱাই লৈ যায়। অল ৰাউণ্ড প্ৰদৰ্শনৰ বাবে মহম্মদ হাছানক মেন অৱ দ্য মেচ হিচাপে নিৰ্বাচিত কৰা হয়।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ