
শিৱসাগৰ, ২৮ জুন (হি.স.): শিৱসাগৰত যোৱা কালি শনিবাৰে নিশা এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয় । চোকা অস্ত্ৰৰে পিতৃয়ে ঘপিয়ালে পুত্ৰক । পিতৃৰ চোকা অস্ত্ৰৰ ঘাপত গুৰুতৰভাৱে আহত হয় পুত্ৰ । শিৱসাগৰ নগৰৰ এ টি ৰোডৰ শ্যাম মন্দিৰত সমীপত সংঘটিত হৈছে এই লোমহৰ্ষক ঘটনা ।
জানিব পৰামতে, পিতৃ প্ৰদীপ গগৈয়ে নিজৰ পুত্ৰ ৰবীন গগৈ ওৰফে লাডেনক চোকা অস্ত্ৰৰে ঘপিয়াই গুৰুতৰ ভাবে আহত কৰে । ওচৰত চুবুৰীয়াই জনোৱা মতে অত্যধিক মদ্যপান কৰি আহি ঘৰত কাজিয়া কৰাৰ বাবেই এনে ঘটনা সংঘটিত হয় । ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ প্ৰাথমিক অনুসন্ধান আৰম্ভ কৰিছে । আহত ৰবীন গগৈক ইতিমধ্যে আৰক্ষীয়ে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ