
দৰং, ২৭ জুন (হি.স.)। দৰঙৰ বেছিমাৰীত অষ্ট্ৰেলিয়ান গৰু সহ চোৰ এটা আটক কৰা হৈছে ৷ ইফালে চোৰৰ শাস্তিৰ দাবীত বেছিমাৰী আৰক্ষী চকীত উপস্থিত হয় শতাধিক পুৰুষ মহিলা ৷ গৰু চোৰৰ শাস্তিৰ দাবীত বেছিমাৰী আৰক্ষী চকীত শতাধিক পুৰুষ মহিলাই উত্তপ্ত পৰিবেশৰ সৃষ্টি কৰে ৷
জানিব পৰা মতে আজি পুৱতি নিশা বৰুৱাঝাৰ গাঁৱৰ গিয়াছ উদ্দিন আহমেদৰ ঘৰৰ গোহালীৰ পৰা চোৰে চুৰি কৰি লৈ যায় ১.৫ লাখ টকা মৃল্যৰ এজনী অষ্ট্ৰেলিয়ান প্ৰজাতিৰ গাইগৰু ৷ তাৰ পিছতেই গাঁওখনত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷ গাঁৱৰ ৰাইজ ওলাই আহি বিভিন্ন স্থানত গৰুজনীক বিচাৰি অৱশেষত একেই গাঁৱৰে কচাই মজিবৰ ৰহমানৰ গোহালিত বিচাৰি পায় চুৰি হোৱা গাই গৰুজনী ৷
ঘটনা সন্দৰ্ভত গিয়াছ উদ্দিনে স্থানীয় আৰক্ষীক খবৰ দিয়াৰ পিছতে আৰক্ষীৰ এটা দলে ঘটনাস্থলীত উপস্থিত হৈ গৰু টোক উদ্ধাৰ কৰাৰ লগতে চুৰিৰ সন্দেহত মজিবৰ ৰহমানক আটক কৰি দলগাঁও থানালৈ নিয়ে ৷ কচাই মজিবুৰ ৰহমানে চুৰি হোৱা গৰু কাটি বজাৰত মাংস হিচাবে বিক্ৰী কৰি অহাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ বেছিমাৰী অঞ্চলত সঘনাই হোৱা গৰু চুৰি ঘটনাত অতীষ্ঠ হৈ ৰাইজ আজি এনেদৰে ওলাই আহি প্ৰতিবাদ সাব্য়স্ত কৰে ৷
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা