
শ্ৰীভূমি, ২৭ জুন (হি.স.) মাদক বিৰোধী অভিযানত পুনৰ এক উল্লেখযোগ্য সফলতা লাভ কৰিছে ৰামকৃষ্ণনগৰ আৰক্ষীয়ে । গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত অভিযান চলাই কালি সন্ধিয়া ৱাগণাৰ গাড়ীৰ ইঞ্জিন চেম্বাৰত বিশেষভাৱে লুকুৱাই ৰখা ১২০০০ ইয়াবা টেবলেট জব্দ কৰাৰ লগতে এজন সন্দেহজনক ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰা হয়।
আৰক্ষী সূত্ৰে জনোৱা মতে, গোপন সূত্ৰৰ ভিত্তিত ৰামকৃষ্ণনগৰ হস্পিতাল পইণ্টত আৰক্ষীৰ এটা দল নাকা পাতি ৰৈ আছিল। সেই সময়ত হাইলাকান্দিৰ ফালৰ পৰা অহা এএছ ১০ জে ০৯৬০ নম্বৰৰ এখন মাৰুতি ৱাগানৰ গাড়ী ৰখাই তালাচী চলোৱা হয়। প্ৰথমে গাড়ীখনত সন্দেহজনক একো পোৱা নগ'ল যদিও পিছত বিস্তৃত তালাচীৰ সময়ত গাড়ীৰ ইঞ্জিন চেম্বাৰৰ ভিতৰত বিশেষভাৱে লুকুৱাই ৰখা অৱস্থাত মুঠ ১২০০০ ইয়াবা টেবলেট উদ্ধাৰ কৰা হয়।
ঘটনাস্থলৰ পৰাই গাড়ীখনৰ চালক শাৰিমুল হকক আটক কৰা হয়। ধৃতৰ ঘৰ কৰিমগঞ্জ জিলাৰ ৰাতাবাড়ী আৰক্ষী থানাৰ অন্তৰ্গত মুলিয়ালা অঞ্চলত বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। প্ৰাথমিকভাৱে আৰক্ষীৰ অনুমান অনুসৰি জব্দ কৰা ইয়াবা টেবলেটসমূহৰ ক'লা বজাৰত আনুমানিক মূল্য ৯০ লাখ টকা হ'ব।
আটক ব্যক্তিজনক সোধা-পোছা অব্যাহত ৰাখিছে এই ড্ৰাগছ চালানৰ আৰু ইয়াৰ সৈতে জড়িত আন লোকসকলৰ বিষয়ে তথ্য সংগ্ৰহৰ চেষ্টা চলাই আছে আৰক্ষীয়ে। ড্ৰাগছ সৰবৰাহত ব্যৱহাৰ কৰা মাৰুতি ৱাগনৰ গাড়ীখনো জব্দ কৰা হৈছে।
মাদকবিৰোধী অভিযানত ৰামকৃষ্ণনগৰ আৰক্ষীৰ এই সফলতাক লৈ স্থানীয় সচেতন মহলে সন্তোষ প্ৰকাশ কৰিছে। তেওঁলোকৰ মতে, এনে কঠোৰ অভিযান অব্যাহত থাকিলে অঞ্চলটোত ড্ৰাগছ সৰবৰাহ যথেষ্ট পৰিমাণে নিয়ন্ত্ৰণ কৰাটো সম্ভৱ হ'ব।
আৰক্ষীয়ে জনাইছে যে, এনডিপিএছ আইনৰ প্ৰাসংগিক ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি ধৃতক আদালতত হাজিৰ কৰোৱা হ'ব। লগতে সমগ্ৰ ড্ৰাগছ সৰবৰাহ চক্ৰটোৰ সন্ধানত তদন্ত অধিক তীব্ৰ কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু