জনীয়াৰ এখন কাঠৰ দলঙৰ দুৰৱস্থা
জনীয়াৰ এখন কাঠৰ দলঙৰ দুৰৱস্থা ।
জনীয়াৰ এখন কাঠৰ দলঙৰ দুৰৱস্থা


বৰপেটা, ২৭ জুন (হি.স.): বৰপেটা জিলাৰ জনীয়াৰ এখন কাঠৰ দলঙৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে যাতায়তৰ ক্ষেত্ৰত আহুকালৰ সৃষ্টি হৈছে । ছাপৰা-জাহোৰপাম সংযোগী কাঠৰ দলং খনৰ অৱস্থা জৰাজীৰ্ণ হৈ পৰিছে । জনীয়াৰ ছাপৰা-জাহোৰপাম সংযোগী এটি খাৱৈৰ ওপৰৰ নিৰ্মাণ কৰা কাঠৰ দলং খনৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে চৰম দুৰ্ভোগ ভূগিছে ৰাইজে।

প্ৰায় সাত বছৰে ব্যাহত হৈ পৰিছে জৰাজীৰ্ণ দলঙৰ ওপৰেৰে চলাচল । ইফালে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই কোনো গুৰুত্ব নিদিয়াৰ ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে। সেয়ে অতি শীঘ্ৰে চৰকাৰ, বিভাগীয় কৰ্তৃপক্ষৰ লগতে স্থানীয় বিধায়কক উক্ত স্থানত পকী দলঙ নিৰ্মাণ কৰি স্কুল কলেজীয়া ছাত্ৰ ছাত্ৰীৰ লগতে বৃহত্তৰ অঞ্চলৰ ৰাইজৰ চলাচল সুচল কৰাৰ আহ্বান জনায় ৰাইজে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande