
ধুবুৰী, ২৭ জুন (হি.স.)। ধুবুৰী জিলাৰ চাপৰৰ শিক্ষা, সাহিত্য আৰু সমাজ জীৱনৰ উজ্জ্বল নক্ষত্ৰ তৰণীকান্ত ৰায়ৰ দেহাৱসান ঘটিছে ।
চাপৰৰ ৰত্নপীঠ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ, বিশিষ্ট শিক্ষাবিদ, ধুবুৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিলাসীপাৰা জিলা দাবী সমিতিৰ উপ-সভাপতি, চাপৰ মহকুমা দাবী সমিতিৰ সভাপতি, চাপৰ ৰেল পেচেঞ্জাৰ্ছ এছোচিয়েশ্যনৰ সভাপতি, ৰত্নপীঠ কলেজ পৰিচালনা সমিতিৰ সদস্য, ঐতিহ্যৰক্ষা সংগ্ৰাম সমিতি, চাপৰৰ সভাপতি, চাপৰ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, সত্যপুৰ-ভকতগাঁও এম.ই. স্কুলৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক আৰু জ্ঞান জ্যোতি জাতীয় বিদ্যালয়ৰ সভাপতি শ্ৰদ্ধেয় তৰণী কান্ত ৰায় চাৰে যোৱা নিশা আনুমানিক ১১:৩০ বজাত চাপৰ চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে।
উল্লেখ্য যে শিক্ষা, সাহিত্য, সমাজসেৱা আৰু জনহিতকৰ কামত তেখেতৰ আজীৱন অৱদান চাপৰ তথা সমগ্ৰ বিলাসীপাৰা সমজিলাৰ বাবে চিৰস্মৰণীয় হৈ থাকিব । তেখেতৰ প্ৰয়াণে অঞ্চলটোৱে এগৰাকী দূৰদৰ্শী শিক্ষাবিদ, দক্ষ সংগঠক আৰু সমাজৰ পথ প্ৰদৰ্শকক হেৰুৱালে।
শিক্ষাবিদ গৰাকীৰ কৰ্ম আৰু আদৰ্শ নতুন প্ৰজন্মৰ বাবে সদায় অনুপ্ৰেৰণাৰ উৎস হৈ থাকিব।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা